চিৰাং,6 ডিচেম্বৰঃ বিটিচিত এইবাৰ বিজেপি চৰকাৰ শ্ল’গানেৰে দেওবাৰে বিশাল নিৰ্বাচনী সভাৰে কোকৰাঝাৰৰ ফকিৰাগ্ৰামত ৰণডংকা বজালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কোকৰাঝাৰ জিলাৰ ৭ নং ফকিৰাগ্ৰাম অ-জনজাতি সমষ্টিৰ চিথিলা এম ভি স্কুল খেল পথাৰত আয়োজন কৰা বিশাল জনসভাত অৰূপ কুমাৰ দেৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত প্ৰদান কৰিলে প্ৰতিশ্ৰুতিৰ বন্যা ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে শূন্য সহনশীল নীতিৰে ৰাজ্যৰ শাসনভাৰ হাতত লোৱা বিজেপিয়ে বিটিচিৰ পৰাও দুৰ্নীতি নিৰ্মূল কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমবিতৰণ, সম অধিকাৰ, ন্যায় প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতিৰে বিটিচি দখলৰ হুংকাৰ প্ৰদান কৰে ৷ বিটিচত হাগ্ৰামা মহিলাৰীৰ সোতৰ বছৰীয়া শাসন কালত সংঘটিত হোৱা অন্যায়, প্ৰতাৰণা আৰু শোষনৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় সোণোৱালে ৷
এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ বুলি অভিহিত কৰি শান্তি, প্ৰগতি, সমন্বয় আৰু নিৰাপত্তা নিশ্চিত কৰাই বিজেপিৰ লক্ষ্য ৷ মুখ্যমন্ত্ৰীয়ে আনে জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশীক জনজাতিকৰণ কৰা হ’ব বুলি ঘোষণা কৰে । তদুপৰি বিজেপিৰ প্ৰাৰ্থীগৰাকী জিকিলে কাৰ্যবাহী সদস্য দিয়া হ’ব বুলি ঘোষণা কৰিছে । শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব বুলি মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে সম উন্নয়ন ,সমবিকাশ, সমমৰ্যদা সকলোৰে প্ৰাপ্য অধিকাৰ বুলি মত প্ৰকাশ কৰে । তদুপৰি বিটিচিত চৰকাৰ গঠন কৰিবলৈ বিজেপিৰ মাথো আনুষ্ঠানিকতাহে বাকী বুলি মন্তব্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰ গঠনৰ পিছত বিজেপিয়ে বিটিআৰ অঞ্চলত ব্যাপক উন্নয়ন সাধিব বুলি মন্তব্য কৰিছে ।
আনহাতে পঞ্চায়ত আৰু গ্ৰাম্যন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলয়ে কয়, বিটিচি অঞ্চলত ইমান বছৰে নেতৃত্ব দিয়া সকলৰ আন্তৰিকতা নথকাৰ বাবেই ৰাইজৰ সামগ্ৰিক উন্নয়ন নহল ৷ ইয়াত ইমান বছৰে ৰাইজৰ ভয় আৰু শংকাৰ মাজত বসবাস কৰা লোক সকল সমমৰ্যাদা, সমঅধিকাৰ নাপালে আৰু সম উন্নয়ন সম্ভৱ নহ’ল ৷ সভাত তেখেতে বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিস্তৃত ব্যাখ্যা কৰে ৷
সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বিটিচি চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰে ৷ ভাষণত তেখেতে শান্তি আৰু প্ৰগতিৰ বাবে ৰাইজে বিজেপিক আকোৱালি লৈছে ৷ বিগত সময়ত হত্যাকাণ্ড, অপহৰণ, গোষ্ঠী সংঘৰ্ষ আদিৰে ৰাইজক এজনো মানুহ যাতে হত্যাৰ বলি নহয়, এজনো মানুহ যাতে অপহৃত নহয়, ধনদাবী নহয় তাৰ বাবে বিজেপি নেতৃত্বই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিগত ২০১৪ চনৰ পিছৰ পৰা ইয়াত শান্তি বিৰাজমান হোৱাত হিলদল ভাঙি ৰাইজ ওলাই আহিছে ৷ তাৰপিছত সৰ্বানন্দ সোণোৱাল চৰকাৰ হোৱাৰ পিছত এটাও ধৰ্মীয় সংঘাত, গোষ্ঠী সংঘৰ্ষ হোৱা নাই ৷ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আকৌ আহিব বিজেপি চৰকাৰৰ ভয়ত কংগ্ৰেছ আৰু এআইইউডিএফ দলে ৰাইজক ভূল পথে পৰিচালিত কৰিবলৈ উঠি পৰি লাগিছে ৷ তাৰ লগতে তেখেতে বিপিএফ চৰকাৰৰ অপশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ তাৰ লগতে বিটিচি এলেকাত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত আৰম্ভ হ’ব বুলি উল্লেখ কৰে ৰঞ্জিত কুমাৰ দাসে ৷
লগতে পঢ়কঃ কাইলৈ প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচন,কটকটীয়া কৰা হৈছে নিৰাপত্তা