ETV Bharat / state

কোকৰাঝাৰ আৰক্ষীৰ গুলিচালনাত আহত ১৯বছৰীয়া যুৱক - মন্ত্ৰী চন্দন ব্ৰহ্ম

কোকৰাঝাৰ আৰক্ষীৰ গুলিচালনাত আহত চিৰাঙৰ যুৱক । চিৰাং-কোকৰাঝাৰ সীমান্তৰ কাৰিগাঁওস্থিত বড়োলেণ্ড ধাবাৰ সন্মুখত আৰক্ষীয়ে গুলিয়ায় দশম শ্ৰেণীৰ ছাত্ৰজনক ।

কোকৰাঝাৰ আৰক্ষীৰ গুলিচালনাত আহত ১৯বছৰীয়া যুৱক

author img

By

Published : May 1, 2021, 7:45 AM IST

চিৰাং,1 মে’: শুকুৰবাৰে নিশা কোকৰাঝাৰ জিলাৰ কাৰীগাঁৱত সংঘটিত হৈছে এক অঘটন ৷ নিশা কোকৰাঝাৰত আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন ১৯ বছৰীয়া যুৱক । যুৱক জনৰ নাম হৈছে প্ৰজিৎ শীল ৷

প্ৰাপ্ত তথ্য অনুসৰি, চিৰাঙৰ পুৱ স্যামথাইবাৰীৰ দশম শ্ৰেণীৰ ছাত্ৰ প্ৰজিৎ শীলে চুবুৰীয়াৰ এঘৰত বিয়া খাই আহি সতীৰ্থ এজনৰ সৈতে ঢাবালৈ গৈছিল । কিন্তু বাহিৰৰ পৰা বন্ধ আছিল ধাবাখন । সন্ধিয়া প্ৰায় ৮ বজাত হঠাতে ধাবা খনলৈ আহে কোকৰাঝাৰ আৰক্ষীৰ এটা দল ৷

কোকৰাঝাৰ আৰক্ষীৰ গুলিচালনাত আহত ১৯বছৰীয়া যুৱক

কোকৰাঝাৰ আৰক্ষীৰ এটা দলটোৱে প্ৰজিৎ শীল নামৰ যুৱক জনক মটৰ ছাইকেল ঘূৰাই উভতি যাবলৈ কৈছিল ৷ কিন্তু মটৰ চাইকেল ঘূৰোৱাৰ পিছ মুহুৰ্ততে কোনো কাৰণ নোহোৱাকৈ আৰক্ষীয়ে গুলিচালনা কৰাৰ অভিয়োগ উত্থাপন কৰে যুৱক জনৰ ওপৰত । ফলত কোকৰাঝাৰ আৰক্ষী গুলিত গুৰুত্বৰভাৱে আঘাট প্ৰাপ্ত হয় যুৱকজন ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱক জনক কোকৰাঝাৰৰ আৰএনবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

এই ঘটনাৰ সন্দৰ্ভত সম্ভেদ লাভ কৰি ঘটনাস্থলিত উপস্থিত হয় মন্ত্ৰী চন্দন ব্ৰহ্ম । ধাবা খনৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়তো আহত যুৱক জনৰ খবৰ লয় চন্দন ব্ৰহ্মই । ঘটনাৰ সন্দৰ্ভত চন্দন ব্ৰহ্মই মন্তব্য কৰে যে, বড়োলেণ্ড ধাবাত সংঘটিত হোৱা ঘটনাৰ উচিত তদন্ত হ’ব লাগে । বিনা কাৰণত দশম শ্ৰেণীৰ ছাত্ৰক গুলিয়াই কোকৰাঝাৰ আৰক্ষীয়ে এয়া অন্যায় কৰিছে । এই ঘটনাৰ উচিত বিচাৰ হ’ব লাগে বুলি মন্তব্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ।

লগতে পঢ়ক: 2 মে'ৰ সমীক্ষা প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.