চিৰাং,৪ ডিচেম্বৰ: বৃহস্পতিবাৰে পুৱাই চিৰাঙত বাইক ৰেলীৰ আয়োজন কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় গণ সুৰক্ষা পাৰ্টীয়ে । জিলাখনৰ হাস্ৰাওবাৰীৰ পৰা দলটোৰ কৰ্মকৰ্তাই বাইক ৰেলী উলিয়ায় । আজি ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অৰ্পণা দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় দলৰ নেতা-কৰ্মীয়ে । ৰেলীত অংশ লৈ অৰ্পণা দাসে কয় যে, অবড়ো লোকৰ জাতি-মাটি-ভেঁটি ৰক্ষাৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগবাঢ়ি আহিছে আৰু সমষ্টিৰ ৰাইজে তেখেতক আঁকোৱালি লৈছে।

সেয়ে, জয় নিশ্চিত বুলি কোৱাৰ লগতে বিটিচিত ৩০ খনতকৈ অধিক আসন লাভ কৰি পৰিষদ গঠন কৰিব বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে । দুবাৰকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা নৱ শৰণীয়াই গণ সুৰক্ষা পাৰ্টী গঠন কৰি বিটিচি পৰিষদ গঠনৰ পৰিকল্পনা কৰিছে ।