বঙাইগাঁও, কৰিমগঞ্জ,2 জুনঃ দেশত পঞ্চম লক ডাউন ৷ কি চলি আছে ৰাজ্যত ? ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া চলি আছে কৰ'ণা মাৰ পূজা ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰী,কৰিমগঞ্জৰ ৰাতাবাৰীত একাংশই মহিলাই কৰিছে কৰ'ণা মাৰ পূজা ৷ এওঁলোকৰ দাবী কৰ'ণা মাৰ পূজা কৰিলেহে মানৱ জাতি ৰক্ষা পৰিব কৰ'ণা ভাইৰাছৰ পৰা ৷
এতিয়া আহো আচল কথাটোলৈ ৷ শেহতীয়াকৈ বিহাৰত দুগৰাকী মহিলাই গৰুৰ বাবে ঘাঁহ কাটিবলৈ যাওতে তেওঁলোকক দেখা দিলে কৰ'ণা মায়ে ৷ গাই গৰু পৰিৱৰ্তন হৈ ৰূপ ল'লে কৰ'ণা মাৰ আৰু তেওঁলোকক বিধান দিলে ৯টা লাডু,৯পাহ ফুল আৰু ৯গছ বন্তি/ধূপেৰে কৰ'ণা মাক পূজা কৰিবৰ বাবে ৷ এই কথা সকলোতে বিয়পি পৰাৰ পিছতে এতিয়া আমাৰ ৰাজ্যতো চলিছে কৰ'ণা মাৰ পূজা ৷ একাংশই মহিলাই এতিয়া কৰ'ণা মাৰ পূজা কৰি গাঁত খান্দি পুতি থৈছে ৯টা লাডু,৯পাহ ফুল ৷
যিটো সময়ত চিকিৎসা শাস্ত্ৰ,বিজ্ঞান প্ৰযুক্তিৰ আপ্ৰাণ চেষ্টাৰ দ্বাৰা বৰ্তমানলৈ কৰ'ণা প্ৰতিষেধক আৱিষ্কাৰ হোৱা নাই তেনে সময়ত এইদৰে কৰ'ণা মাৰ পূজা কৰিলেই যে কৰ'ণা নিৰ্মূল হ'ব সেয়া এতিয়া বহুতৰ বাবে হাস্যকৰ কথা ৷ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এনে কাম কৰা দেখি আচৰিত হৈ পৰিছে বহুলোক ৷ ইফালে বহুজনে আধ্যাত্মিকতাৰ দোহাই দি এয়া সমৰ্থন কৰিছে ৷ মুঠৰ ওপৰত সচেতন মহলৰ বাবে বৰ্তমান এয়া হৈ পৰিছে এক বিচাৰ্যৰ বিষয় ৷ বিজ্ঞান-প্ৰযুক্তিৰ যুগত এইয়া কিমানদূৰ গ্ৰহণযোগ্য ?
লগতে চাওকঃ দিল্লীত কৰ'ণাত আক্ৰান্ত ৬৩ বছৰীয়া ব্যক্তিৰ আত্মহত্যা