চিৰাং,18 মাৰ্চ: আজি ৩১ নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ চতুৰ্থবাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন দাখিল কৰিলে চন্দন ব্ৰহ্মই । কেইবা হাজাৰ লোকক লগত লৈ ঢোলে-ডগৰে নাচি-বাগি সমদল কৰি মনোনয়ন দাখিল কৰে ব্ৰহ্মই ।
মনোনয়ন দাখিলত তেওঁক সংগ দিয়ে বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰী, চিদলী সমষ্টিৰ প্ৰাক্তন বিধায়ক মতিন্দ্ৰ বসুমতাৰী, বিপিএফৰ পাৰিষদদ্বয় ক্ৰমে জেমচ বসুমতাৰী আৰু পানীৰাম ব্ৰহ্মসহ কেইবা হেজাৰ সমৰ্থকে ।

চিৰাং জিলা উপায়ুক্ত তথা চিদলী সমষ্টিৰ নিৰ্বাচনী বিষয়া গৌতম তালুকদাৰৰ ওচৰত মনোনয়ন দাখিল কৰে ব্ৰহ্মই । মনোনয়ন দাখিল কৰি চন্দন ব্ৰহ্মই কয় যে বিপিএফ দলে মোক চতুৰ্থবাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মনোনয়ন দাখিল কৰি ভাল লাগিছে । "নিজে স্থাপন কৰা চিৰাং জিলাত আজি দ্বিতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰিলো । বিটিচিৰ ১২ খন আসনেই বিপিএফৰ দখলত থাকিব আৰু মহাজোঁট বন্ধনে অসমত চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত" বুলি কয় চন্দন ব্ৰহ্মই ।
লগতে পঢ়ক: কাক ভোট দিব চাহ শ্ৰমিকসকলে ?