চিৰাং, 10 ছেপ্তেম্বৰঃ পৃথক বড়োলেণ্ডৰ দাবীৰে চিৰাঙৰ আকাশ কপাই তোলে নিখিল বড়ো ছাত্ৰ সংস্থাই ৷ সোমবাৰে এবছুৰ উদ্যোগত এনডিএফবি(প্ৰ), পিপুলছ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড,বড়ো সাহিত্য সভা আৰু ইউপিপিএলৰ 15 সহস্ৰাধিক সদস্যই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
সোমবাৰে চিৰাং জিলাৰ চিদলী-কাশিকত্ৰা হায়াৰ ছেকণ্ডাৰী স্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা সমাবেশত সামূহিক মুণ্ডন কৰাৰ লগতে পৃথক বড়ো ৰাজ্যৰ দাবীৰে অংশগ্ৰহণ কৰে এইসকল লোকে ৷ শান্তি আৰু সমাধানৰ দাবীত অনুষ্ঠিত হোৱা সমাবেশত বড়োসকলৰ দীৰ্ঘদিনীয়া পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰে এবছুই ৷ বড়োসকলক কেন্দ্ৰীয় চৰকাৰে সদায়েই অৱহেলা কৰি আহিছে ৷ ইয়াৰ বিপৰীতে 1969 চনৰ পৰা আৰম্ভ হোৱা তেলেংগানা আন্দোলনক স্বীকৃতি দিয়াৰ লগতে জম্মু-কাশ্মীৰ সমস্যাক অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ কিন্তু 1967 চনৰ পৰা আৰম্ভ হোৱা বড়ো আন্দোলনক কোনো গুৰুত্ব প্ৰদান নকৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ এইদৰে উল্লেখ কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷ একেদৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াকো সমালোচনা কৰে এবছুৰ সভাপতিগৰাকীয়ে ৷ সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে,বিটিচিৰ জনতাক একমাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবে দুটা ভাগত বিভক্ত কৰিছে ৷ কিন্তু ৰাইজৰ সমস্যাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই নৱ শৰণীয়াই ৷
চিৰাঙত অনুষ্ঠিত হোৱা সভাতে বড়োসকলৰ সমস্যা সমাধান কৰিব নোৱাৰিলে অনাগত দিনত অধিক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ দিয়ে এবছুৱে ৷