ETV Bharat / state

ডিটেনশ্যন কেম্পত থকা পত্নীৰ শোকত মৃত্য়ু স্বামীৰ - মানসিকভাৱে ভাগি পৰে

বিজনীৰ বামুনিঝোৰাত পত্নীৰ শোকত মৃত্যু হয় স্বামীৰ । গোপেশ দাস নামৰ লোকজনৰ পত্নী অমলা দাস বিগত 19 মাহৰ পৰা বন্দী হৈ আছে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত । পত্নীক ডিটেনশ্যন কেম্পৰ পৰা মোকলাই আনিব নোৱাৰাৰ শোকত অসুস্থ হৈ পৰা স্বামী গোপেশ দাসৰ বুধবাৰে মৃত্যু হয় ৷

chirang-husband-death-wife-in-detension-camp
চিৰাঙত পত্নীৰ শোকত মৃত্য়ু স্বামীৰ
author img

By

Published : Dec 16, 2020, 10:21 PM IST

চিৰাং, 16 ডিচেম্বৰ : চিৰাঙৰ বিজনীৰ বামুনিঝোৰাত পত্নী ডিটেনশ্যন কেম্পত বন্দী হৈ থকাৰ শোকত মৃত্যু হয় স্বামীৰ । গোপেশ দাস নামৰ লোকজনৰ পত্নী অমলা দাস বিগত 19 মাহৰ পৰা বন্দী হৈ আছে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত । পত্নীক ডিটেনশ্যন কেম্পৰ পৰা মোকলাই আনিব নোৱাৰাৰ শোকত অসুস্থ হৈ পৰা স্বামী গোপেশ দাসৰ বুধবাৰে মৃত্যু হয় ৷

চিৰাঙত পত্নীৰ শোকত মৃত্য়ু স্বামীৰ

জানিব পৰা মতে, পত্নীক ডিটেনশ্যন কেম্পৰ পৰা জামিনত অনাৰ বাবে আইনৰ কাষ চাপিছিল লোকজনে ৷ পত্নীক মোকলাই আনিব নোৱাৰাত মানসিকভাৱে ভাগি পৰে লোকজন ৷ যাৰফলত বুধবাৰে গোপেশ দাসৰ মৃত্যু হয় ৷

আনহাতে, গোপেশ দাসৰ মৃত্যুৰ পিচতে পত্নী অমলা দাসক 1 সপ্তাহৰ ভিতৰত গোৱালপাৰা ডিটেনশ্যন কেম্পৰ কৰা মুক্তি দিয়াৰ দাবী জনাই বিষ্ণুপুৰ আঞ্চলিক বি টি আৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনে । হিন্দু লোকক বিদেশী সন্দেহত বন্দি শিবিৰত বন্দি কৰি ৰখা বুলি বুলিও অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : কোনে মাজ নিশা গ্ৰেণেড ফুটালে লক্ষীপুৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.