চিৰাং,21ডিচেম্বৰ : বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিজৰ সকলো নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ কোকৰাঝাৰ স্থিত বিটিচিৰ আইজিপি লৈ প্ৰেৰণ কৰে এখন পত্ৰ ৷ পত্ৰত সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো নিৰাপত্তাৰক্ষীক এৰি দিয়ে বুলি উল্লেখ কৰে মহিলাৰীয়ে ।

উল্লেখ্য যে, যোৱা 7 আৰু 9 ডিচেম্বৰত প্ৰথম আৰু দ্বিতীয় ভাগত বড়োলেণ্ড টেৰিটৰীয়েল কাউন্সিল (বি টি চি) অঞ্চলৰ পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ যায় ৷ ইয়াৰ পাচতে 12 ডিচেম্বৰত ঘোষণা হয় বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফল ৷ ফলাফলত বিপিএফে 17 খন আসন লাভ কৰে যদিও পৰিষদ গঠনত ব্যৰ্থ হয় ৷ মুৰব্বী গৰাকীয়ে ৰাইজৰ ৰায় নতশিৰে মানি লৈ সোমবাৰে তেখেতৰ সকলো নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ বিটিচিৰ আইজিপি লৈ প্ৰেৰণ কৰে এখন পত্ৰ ৷

অন্য এক খবৰৰ বাবে: ওড়িশাত ৰেলৰ খুন্দাত চিন্ন-বিচিন্ন এটা প্ৰকাণ্ড হাতী