চিৰাং, ১ এপ্ৰিল: অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৩১ নং চিদলী বিধানসভা সমষ্টি(জনজাতি সংৰক্ষিত)ৰ ভোটাৰক সজাগ কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ আইকন তথা পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে সজাগতা অভিযান অব্যাহত ৰাখিছে । ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন স্থানত এছ ভি ই ই পিৰ উদ্যোগত আয়োজিত সজাগতামূলক অনুষ্ঠানত অংশ লৈছে ৰাকেশ বণিকে ।
বৃহস্পতিবাৰে তেওঁ চিৰাঙৰ কাজলগাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত সভাত অংশগ্ৰহণ কৰে । ভোটাৰক ভোটদানৰ গুৰুত্বৰ বিষয়ে অৱগত কৰি সজাগতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে এই সভাৰ আয়োজন কৰা হয় । সভাত বিবেক ভোট প্ৰদান কৰি গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰিবলৈ ৰাইজক আহ্বান জনায় ৰাকেশ বণিকে ৷ তেওঁ কয় যে, ভোটাধিকাৰ সঁচা অৰ্থত এক মূল্যৱান অধিকাৰ ।
সেয়ে এই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনায় । সভাখনত জিলা উপায়ুক্ত গৌতম তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীৰ লগতে আন আন বিষয়া-কৰ্মচাৰী, ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ লোকসকল উপস্থিত থাকে ।
লগতে পঢ়ক:পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত শিলাদিত্য দেৱৰ