চিৰাঙ, 27 অক্টোবৰঃ ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিলে চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়াক । মঙলবাৰে পূজাৰ বন্ধ ওকলি যোৱাৰ পিচতো সম্পূৰ্ণ ৰূপে বন্ধ কৰি ৰাখিছিল চিৰাং জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় । কোনো এজন বিষয়া-কৰ্মচাৰী উপস্থিত নাছিল প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত । গোটেই দিন তলাবন্ধ থাকিল জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়।
ইপিনে ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিচতে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে জিলা শিক্ষা বিষয়া জনক অকতৃত্বশীল ভাৱে কাৰ্য্যালয়ত উপস্থিত নথকা আৰু কাৰ্য্যালয় বন্ধ থকাৰ বাবে অহা ৩০ অক্টোবৰৰ ভিতৰতে উপযুক্ত কাৰণ সহ লিখিত ভাৱে জনোৱাৰ নিৰ্দেশ জাৰী কৰিছে । অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জাননী খনত উল্লেখ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ আন্তৰ্জাতিক সংস্থাৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া