চিৰাং, 30 নৱেম্বৰ: আজি চিৰাঙৰ বিজনীৰ মাজৰাবাৰীত কংগ্ৰেছৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে অংশগ্ৰহণ কৰি কয় যে, এইবাৰ বিটিচিত পৰিৱৰ্তন হ'ব । কংগ্ৰেছক বাদ দি বিটিচিৰ পৰিষদ গঠন নহয় । বিটিচিত হৈ থকা দুৰ্নীতিৰ বাবে বিজেপি বা হিমন্তই এই ক্ষেত্ৰত দায়ী । কাৰণ বিটিচিত দুৰ্নীতি কৰাৰ সুবিধা বিজেপিয়ে দিছে।
সভাত উপস্থিত থকা অসম চৰকাৰৰ বিৰোধি দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, উজনি অসমত গৈ নাচ-গান কৰক মন্ত্ৰী হিমন্তই । বিটিচি নিৰ্বাচনৰ পূৰ্বে বিটিচিত চলি থকা দুৰ্নীতিৰ তদন্ত কৰাৰ বাবে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় বিৰোধী দলপতি গৰাকীয়ে ৷
চিৰাঙৰ বিজনীৰ ১৭নং সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অৰুণ নাৰ্জাৰীৰ সমৰ্থনত কংগ্ৰেছ দলে এই নিৰ্বাচনী সভাৰ আয়োজন কৰে।
অন্য এক খবৰৰ বাবে: শিৱসাগৰত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু