ETV Bharat / state

নতুন ভূমি নীতি : চিৰাঙত সোণোৱাল চৰকাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author img

By

Published : Jul 2, 2020, 9:11 PM IST

যোৱা 29 জুনত অসম মন্ত্ৰীসভাৰ কেবিনেটত ভূমি নীতি সম্পৰ্কে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই নীতি অনুসৰি যিকোনো কৃষি ভূমি উদ্যোগিক ভূমিলৈ ৰূপান্তৰ নকৰা কৈয়ে ওঔদ্যোগিক আন্তঃগাঁঠনি নিৰ্মাণ কৰিব পাৰিব ৷ চিৰাং জিলাৰ বিজনীত আছুৱে ভূমিনীতি সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Chirang AASU protest against govt's new agri land act

চিৰাং, 2 জুলাই : চৰকাৰৰ নতুন ভূমি নীতিক লৈ চলিছে নতুন বিতৰ্ক ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চিৰাং জিলাৰ বিজনীতো আছুৱে ভূমিনীতি সিদ্ধান্তৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজনী আঞ্চলিক আছুৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ভূমি নীতি সিদ্ধান্তৰ প্ৰতিলিপি দাহন কৰি অসম চৰকাৰ হায় হায়, ভূমিনীতি মানি লোৱা নহ'ব, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

চৰকাৰৰ নতুন ভূমি নীতিক লৈ চলিছে নতুন বিতৰ্ক
উল্লেখ্য যে, যোৱা 29 জুনত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত ভূমি নীতি সম্পৰ্কে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই নীতি অনুসৰি যিকোনো কৃষি ভূমি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ নকৰা কৈয়ে ঔদ্যোগিক আন্তঃগাঁঠনি নিৰ্মাণ কৰিব পাৰিব ৷ তিনি বছৰৰ ভিতৰত সেই ভূমি ঔদ্যোগিক ভূমি হিচাপে পঞ্জীয়ন কৰিব পাৰিব উদ্যোগীসকলে ৷ পূৰ্বতে এডোখৰ কৃষি ভূমি প্ৰথমে ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰিহে আন্তঃগাঁঠনি নিৰ্মাণ কৰিব পাৰিছিল ৷
চিৰাঙত সোণোৱাল চৰকাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগক লাভান্বিত কৰাৰ বাবে গ্ৰহণ কৰা এই ভূমি নীতি খিলঞ্জীয়াৰ ভূমি বহিৰাগত বণিয়াৰ হাতলৈ যোৱাত সহায়ক হ'ব বুলি দাবী তুলিছে বিভিন্নজনে ৷ 'কা' আন্দোলনৰ সময়ত চৰকাৰে খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰাৰ বাবে দুখন আইন প্ৰণয়ন কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি পাহৰি এতিয়া বহিৰাগত বণিয়াগোষ্ঠী আৰু ভূ-মাফিয়াক ৰঙা দলিছা পাৰি দিয়াৰ অভিযোগ উঠিছে ৷

জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদীত বহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে খিলঞ্জীয়াৰৱ প্ৰতি কৰা এনে অন্যায়ক তীব্ৰ ভাষাৰে গৰিহণা দিছে বিৰোধী দল, আছু আৰু বিভিন্ন সচেতন লোকে ৷

লগতে পঢ়ক : চৰকাৰৰ বিৰোধী শ্লগানেৰে উত্তাল মাৰ্ঘেৰিটাৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.