চিৰাং,4 অক্টোবৰ: চিৰাঙৰ চিদলীত দেওবাৰে চিলাৰায় উন্নয়ন মঞ্চই অনুষ্ঠিত কৰে এক কাৰ্যনিৰ্বাহক সভা । এই সভাত বিটিআৰ চুক্তিত উল্লেখ থকা ধৰণে বিটিআৰৰ পৰা অজনজাতীয় গাঁও কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতি বিক্ৰমজিৎ ৰায়ে জানিবলৈ দিয়ে ।
আনহাতে,8 অক্টোবৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব চিলাৰায় উন্নয়ন মঞ্চই । ধৰ্মঘটৰ পৰাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু বিটিআৰ চুক্তি ৰূপায়ণ আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব ।
মঞ্চৰ সভাপতি বিক্ৰমজিৎ ৰায়ে কয় যে,বৰ্তমান সময়ত কোচ-ৰাজবংশীক বিভাজন কৰাৰ বাবে কিছু সয়ম্ভূ নেতাই ৰাজনীতি খেলি আছে । মঞ্চই সেইসকল নেতাক সকিয়াই দিয়ে যে কোচ আৰু ৰাজবংশী একেটা জনগোষ্ঠীয়েই । ইয়াৰ মাজত কোনো বিভাজন নাই বা কোনো পৃথক জনগোষ্ঠী নহয় । ইয়াত অপ্ৰীতিকৰ পৰিস্থিতি হ’লে তেওঁলোকেই দায়ী হ’ব’’ ।
লগতে পঢ়ক: চোৰাং কাঠ সৰবৰাহত সাঙুৰ খাইছে বনমন্ত্ৰীৰ নাম