ETV Bharat / state

বঙাইগাঁৱত কোঁচ ৰাজবংশীৰ সংবাদমেল

কোঁচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিলে অৰ্থহীন স্বায়ত্ত্বশাসিত পৰিষদ হ'ব আৰু কোঁচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিষয়টো অনিশ্চয়তাৰ দিশলৈ যাব ৷

চিৰাং
বঙাইগাঁৱত কোঁচ ৰাজবংশীৰ সংবাদমেল
author img

By

Published : Dec 27, 2019, 12:31 AM IST

চিৰাং, 26 ডিচেম্বৰঃ কোঁচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিলে অৰ্থহীন স্বায়ত্ত্বশাসিত পৰিষদ হ'ব আৰু কোঁচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিষয়টো অনিশ্চয়তাৰ দিশলৈ যাব ৷ এক সংবাদমেল যোগে এই কথা সদৰী কৰে কোঁচ ৰাজবংশী জাতীয় মহাসভাই ৷ বৃহস্পতিবাৰে বঙাইগাঁও চহৰৰ কমতাপুৰ ভৱনত অনুষ্ঠিত এক সংবাদমেল যোগে কোঁচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণী কান্ত ৰায়, কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আগন্তুক জানুৱাৰী মাহত হ'ব লগা অসম বিধান সভাৰ অধিৱেশন আৰু সংসদৰ উভয় সদনৰ অধিৱেশনতে কোঁচ ৰাজবংশী সকলক জনজাতিকৰণ কৰক আৰু বিটিচি আৰু ৰাভা হাচং পৰিষদ সংশোধন ঘটাই উক্ত পৰিষদৰ সীমামূৰীয়া কোঁচ ৰাজবংশী গাঁও সমূহ কৰ্তন কৰি, ধুবুৰীৰ পৰা শোণিতপুৰলৈ ষষ্ঠ অনুসূচিত কমতাপুৰ টেৰিটৰীয়েল (KTC) পৰিষদ গঠন কৰক ৷ তেতিয়াহে পৰিষদৰ অন্তৰ্গত কোঁচ ৰাজবংশী আৰু আন আন জাতি-জনজনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব ৷ তাৰোপৰি পৰিষদ খনত এখন পূৰ্ণাঙ্গ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, সংগ্ৰহালয় (মিউজিয়াম), ভাষা, সাহিত্য, সংস্কৃতি চৰ্চা, গৱেষণা আৰু সম্প্ৰচাৰ কৰিবলৈ বিশ্বমানৰ সাংস্কৃতিক কেন্দ্ৰ, খেলা ধূলাৰ বাবে 'ছাই'ৰ (Sports Authority of India) এটা শাখা, গুৱাহাটী আৰু নতুন দিল্লীত কমতাপুৰ ভৱন নিৰ্মাণ, জাতীয় শ্বহীদ সকলৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এখন শ্বহীদ উদ্যান, চিলাৰায় সেনাবাহিনী, বঙাইগাঁও জিলাত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ স্থায়ী সচিবালয় অসম চৰকাৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগিব ৷ এই সমূহ গঠনৰ কথা উল্লেখ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিলে আন্তঃগাঁথনিহীন নামমাত্ৰ এখন পৰিষদ হ'ব বুলি উল্লেখ কৰে ৷

বঙাইগাঁৱত কোঁচ ৰাজবংশীৰ সংবাদমেল

লগতে পঢ়ক: নাগৰিকত্বসংশোধনী আইনৰ বিৰুদ্ধে মুম্বাইত প্ৰতিবাদ

Intro:কোঁচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিলে অৰ্থহীন স্বায়ত্ত্বশাসিত পৰিষদ হব আৰু কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিষয়টো অনিশ্চয়তাৰ দিশলৈ য়াব বুলি এক সংবাদমেল যোগে কয় কোচ ৰাজবংশী জাতীয় মহাসভায় ৷ আজি বঙাইগাঁও চহৰৰ কমতাপুৰ ভৱণত অনুষ্ঠিত এক সংবাদমেল যোগে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণী কান্ত ৰায়, কাৰ্যকৰী সভাপতি নিৰমল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আগন্তুক জানুৱাৰী মাহত হব লগা অসম বিধান সভাৰ অধিবেশণ আৰু সংসদৰ উভয় সদনৰ অধিবেশনতে কোছ ৰাজবংশী সকলোক জনজাতিকৰণ কৰক আৰু বিটিচি আৰু ৰাভাহাচং পৰিষদ সংশোধন ঘটাই উক্ত পৰিষদৰ সীমামূৰীয়া কোচ ৰাজবংশী গাও সমূহ কৰ্তন কৰি ধুবুৰীৰ পৰা শোণিতপুৰলৈ ষষ্ঠ অনুসূচিত কমতাপুৰ টেৰিটৰীয়েল (KTC) পৰিষদ গঠন কৰক ৷ তেতিয়াহে পৰিষদৰ অন্তৰগত কোচ ৰাজবংশী আৰু আন আন জাতি-জনজনগোষ্ঠীৰ সামগ্ৰীক উন্নয়ন সম্ভৱ হব ৷ তাৰউপৰি পৰিষদ খনত এখন পূৰ্ণাঙ্গ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, সংগ্ৰহালয় (মিউজিয়াম), ভাষা, সাহিত্য, সংস্কৃতি চৰ্চা, গৱেষণা আৰু সম্প্ৰচাৰ কৰিবলৈ বিশ্বমানৰ সাংস্কৃতিক কেন্দ্ৰ, খেলাধূলাৰ বাবে ছাইৰ (Sports Authority of India এটা শাখা, গুৱাহাটী আৰু নতুন দিল্লীত কমতাপুৰ ভৱণ নিৰ্মাণ, জাতীয় শ্বহীদ সকলোৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এখন শ্বহীদ পাৰ্ক, চিলাৰয় সেনাবাহানী, বঙাইগাঁও জিলাত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ স্হায়ী সচিবালয় অসম চৰকাৰ আৰ্থিক সাহাৰ্যৰে নিৰ্মানৰ ব্যৱস্থা কৰিব লাগিব ৷ এই সমূহ গঠনৰ কথা উল্লেখ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিলে আন্তঃগাঁথনিহীন নামমাত্ৰ এখন পৰিষদ হব ৷

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ।

Body:কোঁচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিলে অৰ্থহীন স্বায়ত্ত্বশাসিত পৰিষদ হব আৰু কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিষয়টো অনিশ্চয়তাৰ দিশলৈ য়াব বুলি এক সংবাদমেল যোগে কয় কোচ ৰাজবংশী জাতীয় মহাসভায় ৷

Conclusion:কোঁচ ৰাজবংশীক অনুসূচিত জনজাতিকৰণ নকৰাকৈ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিলে অৰ্থহীন স্বায়ত্ত্বশাসিত পৰিষদ হব আৰু কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিষয়টো অনিশ্চয়তাৰ দিশলৈ য়াব বুলি এক সংবাদমেল যোগে কয় কোচ ৰাজবংশী জাতীয় মহাসভায় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.