চিৰাং, ২৮ মেঃ চিৰাঙৰ বিজনীত বিদ্যুৎ স্পৃষ্ট হৈ গোধনৰ মৃত্যু, কথমপি ৰক্ষা গোধন ৰখিয়াৰ ।
বিজনী 2নং ছাতিয়ানগুৰীত এজন ৰখিয়াই পথাৰলৈ গৰু চৰাবলৈ যাওতেই, 537নং ছাতিয়ানগুৰী প্ৰাথমিক বিদ্যালয়ৰ কাষত থকা লোৰ বিদ্যুত খুটাত বিদ্যুৎস্পৃষ্ট হৈ গোধনৰ মৃত্যু হয়, কথমপি ৰক্ষা পৰে গো ৰখিয়া কেশৱ বসুমতাৰী নামৰ লোকজন । উল্লেখ্য যে, বিজনী ছাতিয়ানগুৰী গাওঁখনত প্ৰায়বোৰ বিদ্যুৎ খুঁটা বহু পুৰণি লোহাৰে নিৰ্মিত । বিভাগীয় কৰ্তৃপক্ষক অঞ্চলবাসীয়ে বহুবাৰ এই সন্দৰ্ভত এই বিষয়ে অৱগত কৰিছে যদিও ৰাইজৰ অভিযোগ গুৰুত্ব সহকাৰে লোৱা নাছিল বিদ্যুৎ বিভাগে । লগতে 10মিটাৰ নিলগতেই আছে এখন প্ৰাথমিক বিদ্যালয় । কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে সংঘটিত হয় ভয়ানক ঘটনা । এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ বিভিন্ন স্থানত এনেকৈ প্ৰতিদিনে সংঘটিত হৈ আছে ভয়ানক ঘটনা কিন্তু গা নলৰে বিভাগীয় কৰ্তৃপক্ষৰ । অতি শীঘ্ৰে এই মৰণ ফান্দৰ পৰা মুক্ত কৰি উচিত পদক্ষেপ লবলৈ বিভাগীয় কতৃপক্ষক দাবী কৰিছে ক্ষুব্ধ ৰাইজ তথা দল সংগঠনে ।
লগতে আন এটা বাতৰি -মুখ্যমন্ত্ৰীৰ সমষ্টিত পুনৰ ঠেলাৰে কঢ়িয়াই নিয়া হ'ল ৰোগী