ETV Bharat / state

পৰিৱৰ্তন! পাঠ্যপুথি অবিহনে ছমহীয়া পৰীক্ষালৈ সাজু শিক্ষাৰ্থী

তিনিমহীয়া পৰীক্ষা পাৰ হৈছে, সমাগত ছমহীয়া পৰীক্ষা কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয়ে এতিয়াও লাভ কৰা নাই পাঠ‍্যপুথি।

পৰিবৰ্তন! পাঠ্যপুথি অবিহনে ছমহীয়া পৰীক্ষালৈ সাজু শিক্ষাৰ্থী
author img

By

Published : May 8, 2019, 7:15 PM IST

চিৰাং, 8 মেঃ শিক্ষাবৰ্ষৰ পা‍চোটাকৈ মাহ অতিক্ৰম কৰা পিচতো পাঠ্যপুথি অবিহনে আগন্তুক ছমহীয়া পৰীক্ষালৈ সাজু হৈছে চিৰাঙৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ৷ অভিযোগ অনুসৰি জিলাখনৰ চিদলী ৰাজা অজিত নাৰায়ন দেৱ হাইস্কুলৰ প্ৰধান শিক্ষকৰ ভুলৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই চাওতাল মাধ্যমৰ পাঠ‍্যপুথি ৷ প্ৰধান শিক্ষক দণ্ডধৰ দেৱে শিক্ষা বিভাগত চাওতাল মাধ্যমৰ পাঠ‍্যপুথিৰ লগতে বড়ো মাধ্যমৰ পাঠ‍্যপুথি বিচাৰি আবেদন নকৰাৰ বাবেই বৰ্তমানেও বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই পাঠ‍্যপুথি ।

পৰিবৰ্তন! পাঠ্যপুথি অবিহনে ছমহীয়া পৰীক্ষালৈ সাজু শিক্ষাৰ্থী

একেদৰে চিদলীৰ নিমাগাঁও বাতাবাৰী প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা নাই গণিতৰ পাঠ‍্যপুথি। ইতিমধ্যে তিনিমহীয়া পৰীক্ষা পাৰ হৈছে,সমাগত ছমহীয়া পৰীক্ষা কিন্তু চৰকাৰী খণ্ডৰ বিদ্যালয় কেইখনে লাভ কৰা নাই পাঠ‍্যপুথি।

আন্তঃগাথনিৰ দিশতো পিছপৰি আছে বিদ্যালয়খন ৷ ৩৬ ফুট দৈৰ্ঘৰ বিদ্যালয় গৃহত ছয়টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক একেটা শ্ৰেণীকোঠাতে পাঠদান কৰাবলগীয়া হয়। এয়াই অসম চৰকাৰৰ শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তনৰ নমুনা।

আনহাতে পাঠ্যপুথি সময়তে যোগান ধৰিব নোৱাৰৰ ফলত নিমাগাঁও বাতাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লংকেশ্বৰ বৰ্মনে নিজ ভুলৰ ফলত এনে দশা হোৱাৰ কথা উল্লেখ কৰে৷ উল্লেখ্য যে চিৰাং জিলা প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ গুৰুত্বহীনতাৰ ফলতে অৱহেলিত হৈ আছে জিলাখনৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহ।

Intro:ছমহীয়া পৰিক্ষা সমাগত , শিক্ষা বৰ্ষৰ পা‍ঁচটাকৈ মাহ অতিক্ৰমৰ পিচতো চিৰাঙৰ বহু বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পোৱা নাই পাঠ‍্যপুথি । জিলাখনৰ চিদলী ৰাজা অজিত নাৰায়ন দেব হাইস্কুলৰ প্ৰধান শিক্ষকৰ ভূলৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই চাউতাল মাধ‍্যমৰ পাঠ‍্যপুথি । প্ৰধান শিক্ষক দণ্ডধৰ দেৱে শিক্ষা বিভাগত চাউতাল পাঠ‍্যক্ৰমৰ পাঠ‍্যপুথি বিচাৰি আবেদন নকৰাৰ বাবেই আজিও বিদ‍্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰিলে পাঠ‍্যপুথি । একেদৰে বিদ‍্যালয়খনৰ বড়ো মাধ‍্যমৰ এটাও পাঠ‍্যপুথি লাভ কৰা নাই ছাত্ৰ-ছাত্ৰীয়ে । জানিব পৰা মতে আজিহে জিলাখনত বড়ো মাধ‍্যমৰ পাঠ‍্যপুথি আহিছে হয়তো দুই এদিনতে বিতৰন কৰিব শিক্ষা বিভাগে । ছমহীয়া পৰিক্ষাৰ আগে আগে পাঠ‍্যপুথি বিতৰন কৰিব পাঁচমাহৰ পিচত । এয়াই অসম চৰকাৰৰ শিক্ষা বিভাগৰ আমুল পৰিৱৰ্তন।

একেদৰে চিদলীৰ নিমাগাঁও বাতাবাৰী প্ৰাথমিক বিদ‍্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই গণিতৰ পাঠ‍্যপুথি । ইতিমধ‍্যে তিনি মহীয়া পৰিক্ষা পাৰ হৈছে , ছমহীয়া পৰিক্ষা সমাগত কিন্ত চৰকাৰী খণ্ডৰ বিদ‍্যালয় খনে পাঠ‍্যপুথি লাভ কৰাই নাই । এই দৰে শিক্ষা বৰ্ষৰ মুল‍্যবান পাঁচটা মাহ অতিক্ৰম কৰিলে পাঠ‍্যপুথি নোহোৱাকৈয়ে । বিদ‍্যালয় খনত আন্তগাথনিৰ ক্ষেত্ৰতো বহু পিচপঢ়া। ৩৬ ফুটৰ বিদ‍্যালয় গৃহত ছয়টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাব লগীয়া হয়। বিদ‍্যালয় গৃহৰ দুৱাৰ খিৰিকী ভাঙিছে, ৰান্ধনি ঘৰ নাই, ৰাইজে ঘৰৰ টিনপাত লগাব লগীয়া হৈছে । প্ৰধান শিক্ষক লংকেশ্বৰ বৰ্মনে কলে মোৰদোষতে বিদ‍্যালয় খনৰ এই অৱস্থা বুলি । কিন্ত জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কোনো ভ্ৰূক্ষেপ নাই ।

বাইট : প্ৰধান শিক্ষকৰ বাইট, ছাত্ৰ-ছাত্ৰীৰ বাইট, কমিটিৰ বাইট,সহকাৰী শিক্ষকৰ বাইট দিলো।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ‌।

Body:বাইট : প্ৰধান শিক্ষকৰ বাইট, ছাত্ৰ-ছাত্ৰীৰ বাইট, কমিটিৰ বাইট,সহকাৰী শিক্ষকৰ বাইট দিলো।

Conclusion:চিৰাং জিলা প্ৰাথমিক আৰু মাধ‍্যমিক শিক্ষা বিভাগৰ গুৰুত্বহিনতাৰ বাবেই আজিও অৱহেলিত চৰকাৰী শিক্ষানুষ্ঠান সমুহ । ছমহীয়া পৰিক্ষা সমাগত কিন্ত ছাত্ৰ-ছাত্ৰীয়ে নাপালে পাঠ‍্যপুথি গতিকে কিদৰে চৰকাৰী শিক্ষানুষ্ঠান সমুহত পঢ়াব বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.