ETV Bharat / state

BTRৰ বান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা অতিৰিক্ত মুখ্য সচিবৰ - btr

শুকুৰবাৰে চিৰাঙত এখন বৈঠকত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাছি (syedain abbasi)য়ে ভাগ লৈ বিটিআৰৰ সাম্ভাব্য বান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে ৷ লগতে বিটিআৰ(BTR)ৰ চাৰিখন জিলাত জনস্বাস্থ্য কাৰিকৰী আৰু জলসম্পদ বিভাগৰ আঁচনি ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰে অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে ৷

additional chief secretary syedain abbasi meeting
অতিৰিক্ত মুখ্য সচিবৰ বৈঠক
author img

By

Published : Jun 11, 2021, 11:03 PM IST

চিৰাং,11 জুন : চিৰাঙত শুকুৰবাৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ আব্বাছি (syedain abbasi) উপস্থিত হৈ এখন পৰ্যালোচনা সভাত মিলিত হয় ৷ বিটিআৰ(BTR)ৰ চাৰিখন জিলাত জনস্বাস্থ্য কাৰিকৰী আৰু জলসম্পদ বিভাগৰ আঁচনি ৰূপায়ণ সন্দৰ্ভত বৈঠকত মিলিত হয় অতিৰিক্ত মুখ্য সচিবগৰাকী ৷

additional chief secretary syedain abbasi meeting
অতিৰিক্ত মুখ্য সচিবৰ বৈঠক

সভাত আঁচনিসমূহ ৰূপায়ণত চৰকাৰী নীতি-নিৰ্দেশনাৰ ওপৰতো আলোচনা কৰা হয় । অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে সভাত উপস্থিত থকা বিষয়ববীয়াসকলক আহ্বান জনাই কয় যে, নিৰ্দিষ্ট সময়ত আঁচনি ৰূপায়ণৰ বাবে যাতে সময়মতে গ্ৰামাঞ্চলৰ জনতাই ঘৰে ঘৰে পানী লাভ কৰিবলৈ সক্ষম হয় ৷ জলসম্পদ বিভাগৰে হোৱা আন এক সভাতো অংশগ্ৰহণ কৰে অতিৰিক্ত মুখ্য সচিব আব্বাছিয়ে ৷ উক্ত সভাত বিটিআৰৰ সাম্ভাব্য বান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে ৷

উক্ত সভাত সাম্ভাব্য বান পৰিস্থিতিৰ মুখা-মুখি হ’ব পৰাকৈ উপায়ুক্তসকল আৰু জলসম্পদ বিভাগৰ মুৰব্বী বিষয়াসকলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে ‌। ইয়াৰোপৰি, তেওঁ বান সন্দৰ্ভত কৰিবলগীয়া কামসমূহ ক্ষীপ্ৰতাৰে কৰাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক : জামুগুৰিত ব্ৰহ্মপুত্ৰত নিখোজ এজন শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.