ETV Bharat / state

Bodoland University VC Controversy : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 4:43 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অপসাৰণৰ দাবীত চিৰাং আৰু বাক্সাত প্ৰতিবাদ এবছুৰ ৷ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

Bodoland University VC
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদ

চিৰাং/বাক্সা 30 ছেপ্টেম্বৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ অপসাৰণৰ দাবীত বিটিচিৰ বিভিন্ন প্ৰান্তত এবছুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ চিৰাং জিলা সদৰ কাজলগাঁৱত শনিবাৰে জিলা এবছুৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে বিভিন্ন অনিয়মৰ লগতে স্থানীয় যুৱক-যুৱতীক বঞ্চিত কৰি মণিপুৰৰ যুৱক-যুৱতীক চাকৰিৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ এবছুৰ ৷ সেয়ে আজি উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ প্ৰতিকৃতি দাহ কৰে এবছুৱে ৷

আনহাতে এবছুৰ উদ্যোগত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অপসাৰণৰ দাবীত বিগত কেইবামাহৰ পৰা ধাৰাবাহিক ভাৱে আন্দোলন চলাই গৈছে এবছুৱে। প্ৰতিবাদকাৰী এবছুৰ বিস্ফোৰক অভিযোগ,‘‘বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙৰ নেতৃত্বতে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগত সংগঠিত হৈছে দুৰ্নীতি ৷ স্থানীয় যুৱ-যুৱতীক বঞ্চিত কৰি মণিপুৰৰ যুৱক-যুৱতীক অগ্ৰাধিকাৰ দিছে ৷’’

আনহাতে বাক্সা জিলাৰ সদৰ মুছলপুৰতো এবছুৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক সৌমাওচাৰ বসুমতাৰীৰ উপস্থিতিত বাক্সা জিলা এবছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদস্থলীতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° লাইশ্ৰাম লাড্ডু সিঙৰ পুত্তলিকা দাহ কৰে ৷ লগতে উপাচাৰ্য সিঙক ৰক্ষাৰ বাবে নামি পৰা ৰাজভৱনৰ শৈক্ষিক উপদেষ্টা মিহিৰকান্তি চৌধুৰী, বিশ্বৰঞ্জন চামলা (আই.এছ.), ড° এছ. কে. দেৱ ( অধ্যাপক আই.আই.টি. গুৱাহাটী) আৰু ড° বি.বি. মিশ্ৰ ( তেজপুৰ বিশ্ববিদ্যালয়)ৰ পুত্তলিকা দাহ কৰে ।

এবছুৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক সৌমাওচাৰ বসুমতাৰীয়ে কয় যে, এগৰাকী দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য আমাক নালাগে, তেওঁ যিহেতু দোষী সাব্যস্ত হৈছে গতিকে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে । যদি গ্ৰেপ্তাৰ নকৰে তেন্তে আমি অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ কৰি যাম ।

লগতে পঢ়ক:AJP Ek Asom Yatra : ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত চাকৰিৰ চিণ্ডিকেটৰাজ আৰম্ভ হৈছে; লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.