ETV Bharat / state

চিৰাঙত এবছুৰ বিদ্যালয় চাফাই অভিযান - Chirang district school clean by absu

চিৰাং জিলাত শুকুৰবাৰৰ পৰা সংগঠনটোৱে আৰম্ভ কৰিছে বিদ্যালয় চাফাই অভিযান । এসপ্তাহ ধৰি চলিব সংগঠনটোৰ এই চাফাই অভিযান । জিলাখনৰ সকলো বিদ্যালয়, মহাবিদ্যালয় ক'ভিডৰ বাবে বন্ধ হৈ থকাত বিদ্যালয় সমূহত হাবি-বনেৰে আৱৰি ধৰাত এবছুয়ে এই কাৰ্য্যসূচী গ্ৰহণ কৰিছে ।

absu
চিৰাঙত এবছুৰ বিদ্যালয় চাফাই অভিযান
author img

By

Published : Jun 18, 2021, 9:18 PM IST

চিৰাং,১৮ জুন: ক'ভিড(Covid) মহামাৰীৰ বাবে বিগত বছৰৰ পৰা প্ৰায় বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ । যাৰ বাবে প্ৰায়বোৰ বিদ্য়ালয়ৰ চৌহদত ঘাঁহ বন গজিছে আৰু জংঘলে আৱৰি ধৰিছে । আনকি বহু বিদ্যালয় গৃহ চাফ-চিকুনৰ অভাৱত ধ্বংসপ্ৰাপ্ত গৈছে আৰু বহু জীৱ-জন্তু, সৰীসৃপৰ আৱাসস্থল হৈ পৰিছে । তেনেস্থলত পুনৰ বিদ্যালয় খোলাৰ লগে লগে শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল এক অপ্ৰীতিকৰ পৰিৱেশৰ মুখামুখি হ'বলগীয়া হ'ব ।

absu
চিৰাঙত এবছুৰ বিদ্যালয় চাফাই অভিযান

এই বিষয়ৰ ওপৰত লক্ষ্যৰাখি সদৌ বড়ো ছাত্ৰ সন্থা(ABSU) চমুকৈ এবছুৱে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । চিৰাং জিলাত শুকুৰবাৰৰ পৰা সংগঠনটোৱে আৰম্ভ কৰিছে বিদ্যালয় চাফাই অভিযান । এসপ্তাহ ধৰি চলিব সংগঠনটোৰ এই চাফাই অভিযান । জিলাখনৰ সকলো বিদ্যালয়,মহাবিদ্যালয় ক'ভিডৰ বাবে বন্ধ হৈ থকাত বিদ্যালয়সমূহত হাবি-বনেৰে আৱৰি ধৰাত এবছুয়ে এই কাৰ্য্যসূচী গ্ৰহণ কৰিছে ।

absu
চিৰাঙত এবছুৰ বিদ্যালয় চাফাই অভিযান

এবছুৰ চিৰাং জিলা সমিতিৰ শিক্ষা সম্পাদক টাবাশ্ৰুন ব্ৰহ্মই জনোৱা মতে এই সপ্তাহ জিলাখনৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ পৰিস্কাৰ কৰিব সংগঠনটোৱে । লগতে শ্ৰেণী কোঠাসমূহ পৰিস্কাৰ কৰি ছেনিটাইজ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনালে ছাত্ৰ নেতাগৰাকীয়ে । এই অভিযানত জিলাখনৰ এবছুৰ সদস্যসকলে অংশগ্ৰহণ কৰিছে । শুকুৰবাৰৰ দিনটোত বেংটোল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গন পৰিস্কাৰ কৰাৰ লগতে সংগঠনটোৰ সদস্যসকলে শ্ৰেণীকোঠা সমূহো ছেনিটাইজ কৰা দেখা যায় ।

ইফালে সংগঠনটোৰ এনে পদক্ষেপক এতিয়া প্ৰশংসা কৰিছে বিভিন্নজনে । ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সুবিধাৰ্থে সংগঠনটোৱে লোৱা এনে পদক্ষেপক আদৰণিও জনাইছে বহু বিশিষ্ট নাগৰিকে । লগতে বাকী সংগঠনসমূহকো এই ধৰণ পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে বিভিন্নজনে ।

লগতে পঢ়ক:বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত অসমে সফলতা লাভ কৰিছে : ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.