ETV Bharat / state

ABSU Bike rally in Chirang: এনডিএফবিৰ সকলো প্ৰাক্তন কেডাৰক মুক্তিৰ দাবীত এবছুৰ বাইক ৰেলী

author img

By

Published : Oct 29, 2022, 5:29 PM IST

চিৰাঙৰ ৰৌমাৰীৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে সজাগতামুলক বাইক ৰেলীৰ শুভাৰম্ভ কৰে (Bike rally in Chirang) । চিৰাং জিলাৰ চুকে কোনে এই ৰেলী চলাৰ লগতে ঠায়ে ঠায়ে সজাগতামূলক সভাও অনুষ্ঠিত হ’ব ৷

ABSU central bike rally in Chirang
Bike rally in Chirang: ৰঞ্জন দৈমাৰীসহ এন ডি এফ বিৰ প্ৰাক্তন কেডাৰসকলক মুক্তিৰ আহ্বান এবছুৰ

চিৰাং, 29 অক্টোবৰ: দুদিনীয়া কাৰ্য্যসুচীৰে শনিবাৰে চিৰাঙৰ ৰৌমাৰীৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে সজাগতামুলক বাইক ৰেলীৰ শুভাৰম্ভ কৰে (Bike rally in Chirang) । ৰৌমাৰীত এবছুৰ সভাপতি দ্বিপেন বড়োয়ে (ABSU President Dwipen Boro)এই বাইক ৰেলীৰ উদ্বোধন কৰে ৷ চিৰাং জিলাৰ চুকে কোনে এই ৰেলী চলাৰ লগতে ঠায়ে ঠায়ে সজাগতামূলক সভাও অনুষ্ঠিত হ’ব ৷

ৰঞ্জন দৈমাৰীসহ এন ডি এফ বিৰ প্ৰাক্তন কেডাৰসকলক মুক্তিৰ আহ্বান এবছুৰ

গুণগত শিক্ষা ব্যৱস্থা, ড্ৰাগছৰ সজাগতা, বিভিন্ন সামাজিক সমস্যা দূৰীকৰণ,জনজাতীয় ভূমিৰ অধিকাৰ,ট্ৰাইবেল বেল্ট ব্লকৰ ভূমিৰ সুৰক্ষা, প্ৰাক্তন বিদ্ৰোহী নেতাৰ মুক্তি আদি বিষয়লৈ এই সজাগতামুলক মটৰচাইকেল ৰেলী উলিওৱা হয় বুলি জনায় এবছুৰ সভাপতি দ্বিপেন বড়োৱে (ABSU central bike rally in Chirang ) । এবছুৰ উপ-সভাপতি খৌৰমদাউ ৱেৰী, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী সহ এই বাইক ৰেলীৰ শুভ উদ্বোধনত এবছুৰ বহু কেইজন প্ৰাক্তন কৰ্মকৰ্তা উপস্থিত থকাৰ লগতে এবছুৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বহু সংখ্যক সদস্য উপস্থিত থাকে।

এবছুৰ সভাপতি দ্বিপেন বড়োৱে কয়, "বিটিআৰত শান্তি চুক্তি হোৱাৰ পিছতো আমাৰ বহুতো এনডিএফবিৰ প্ৰাক্তন নেতা ৰঞ্জন দৈমাৰীকে ধৰি কৰ্মী কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে ৷ যেতিয়ালৈকে কাগাৰাগত থাকিব তেতিয়ালৈকে শান্তিৰ যি পূৰ্ণাংগ অৰ্থ সেয়া ৰূপায়িত নহ’ব ৷ সেইবাবে অনাগত দিনত বিটিআৰত শান্তি প্ৰতিষ্ঠাৰ হকে কাৰাগাৰত কাৰাৰুদ্ধ হৈ সমগ্ৰ নেতা, কেডাৰসকলক কাৰাগাৰৰ পৰা মুক্ত কৰি দিব লাগে বুলি আমি চৰকাৰক আহ্বান জনাইছো ৷ ৰাইজৰ মাজত তেওঁলোকে সাধাৰণ জীৱন যাপন কৰিবলৈ সুবিধা পাব লাগে ৷"

লগতে তেওঁ কয়, "জলবায়ু পৰিৱৰ্তনটো আজিৰ দিনত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ৷ বৰ্তমান সময়ত কেতিয়াবা অত্যাধিক বৰষুণ হয় অন্যথা অত্যাধিক খৰাং হয় ৷ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি নৱপ্ৰজন্মক গছ-গছনি ৰোপনৰ লগতে বনাঞ্চল সংৰক্ষণ কৰিবলৈ সজাগ কৰিব লাগিব ৷ আমাৰ এই ৰেলীৰ মাজেৰে এইটো বিষয়কো গুৰুত্ব প্ৰদান কৰি আগুৱাই লৈ যোৱা হ’ব ৷"

লগতে পঢ়ক: Ex Militants of Tripura : ত্ৰিপুৰাত পথ অৱৰোধৰ হুংকাৰ আত্মসমৰ্পণকাৰী উগ্ৰপন্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.