ETV Bharat / state

এন আৰ চি : 18 হাজাৰ লোকৰ বিৰুদ্ধে অভিযোগ ৫ গৰাকী লোকৰ !

এন আৰ চিৰ নামত ৰাজ্যৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু লোকক হাৰাশাস্তিৰ অভিযোগ ৷ 18 হাজাৰ লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে মাত্ৰ ৫ গৰাকী লোকে ৷

কমলাক্ষ দে' পুৰকায়স্থৰ বিস্ফোৰক অভিযোগ
author img

By

Published : May 12, 2019, 9:22 PM IST

Updated : May 12, 2019, 10:33 PM IST

চিৰাং, 12 মে' : শিলচৰৰ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ বিস্ফোৰক অভিযোগ ৷ বিজনীত এন আৰ চিৰ নামত প্ৰায় 18 হাজাৰ লোকৰ নামত অভিযোগ দাখিল মাত্ৰ ৫ গৰাকী লোকৰ । দেওবাৰে চিৰাং জিলাৰ বিজনীস্থিত বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ আমন্ত্ৰণ মৰ্মে বিজনীৰ এন আৰ চি কেন্দ্ৰত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়কগৰাকীয়ে । এন আৰ চিৰ নামত অসমৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু লোকক হাৰাশাস্তি কৰি থকা হৈছে ৷ লগতে যি সকল লোকে অভিযোগ দাখিল কৰিছে তেওঁলোকে কিদৰে গোপন এ আৰ এন নম্বৰ লাভ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি এই অবৈধ অভিযোগসমূহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনী যুঁজ চলাই যোৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

কমলাক্ষ দে' পুৰকায়স্থৰ বিস্ফোৰক অভিযোগ
ইপিনে এই সমগ্ৰ অভিযোগৰ ঘটনাৰ আঁৰত চৰকাৰ জড়িত থাকি এন আৰ চিৰ নামত এই হাজাৰ হাজাৰ নিৰিহ লোকক হাৰাশাস্তি চলাই আছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক চিত্ত পালে ৷

Slug : As_Chg_12th May_804 to 806_Chirang MLA kamalakhya de purokayosto_vis & byt_Abdul Maleque Ahmed.

Send by ftp. 

চিৰাং জিলাত এন আৰ চিৰ নামত প্ৰায় ১৮ হেজাৰ লোকৰ নামত অভিযোগ দাখিল কৰিছে মাত্ৰ কেইজনমান লোকেহে । এই অভিযোগ শিলচৰৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ । আজি চিৰাং জিলাৰ বিজনীস্থিত বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ আমন্ত্ৰন মৰ্মে আহি এই মন্তব্য কৰে বিধায়ক জনে । তেওঁ আৰু কয় যে এন আৰ চিৰ নামত  চৰকাৰৰ প্ৰত্যক্ষ সহযোগ আৰু ষৰযন্ত্ৰত অসমৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু লোকক হাৰাশাস্থি কৰি থকা হৈছে । এই যি সমুহ অভিযোগ দাখিল কৰিলে তেওঁলোকে কিদৰে গোপন এ আৰ এন নম্বৰ পালে বুলিও অভিযোগ কৰি কয় যে চৰকাৰ যে জড়িত  ইয়াৰ পৰা তাত কোনো সন্দেহ নাই । গতিকে এই সমুহ অসমুবিধাৰ পৰা কি দৰে ৰক্ষা পাব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈহে আজি আলোচনা হল চিৰাঙৰ বিজনীত । এই অবৈধ অভিযোগ সমুহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনী যুদ্ধ কৰাৰো কথা জনায় বিধায়ক জনে । 

বাইট : কমলাক্ষ দে পুৰকায়স্থ , বিধায়ক শিলচৰ । 

  একেলগে চিৰাঙৰ বিজনীত এই এন আৰ চিৰ অভিযোগ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক চিত্ত পালে কয় যে আমি পোৱা তথ্য মতে চিৰাঙত ১৮ হেজাৰ লোকৰ বিৰুদ্ধে অভিযোগ কৰিছে মাত্ৰ ৫ জন লোকে । ইয়াত অসম চৰকাৰৰ কৰ্মচাৰী সকলে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালৰ নিৰ্দেশতে কৰিছে বুলি কোৱাৰ লগতে কয় বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে সদায় কয় বিটিচি চুক্তিৰ সময়ৰ পৰা বিটিচিত থকা সকলো লোকেই বিটিচিৰ বাসিন্দা । তেনেহলে এন আৰ চিৰ নামত এই হেজাৰ হেজাৰ নিৰিহ লোকক হাৰাশাস্থি কৰি থকাৰ সময়ত কি কৰি আছে হাগ্ৰামা মহিলাৰীয়ে বুলিও প্ৰশ্ন কৰে ।

বাইট : চিত্ত পাল, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ। 
Last Updated : May 12, 2019, 10:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.