চিৰাং, 15 এপ্ৰিল: গৰুবিহুৰ দিনা পুৱাই চিৰাঙত ভালুকৰ সন্ত্ৰাস ৷ চিৰাঙৰ মাদাৰপুৰত শুকুৰবাৰে পুৱাই এটা ভালুকে তীব্ৰ আতংকৰ সৃষ্টি কৰে ৷ ভালুকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় চাৰিজনকৈ লোক (4 Injured in Bear Attack at Madarpur In Chirang) ৷
ভালুকৰ আক্ৰমণত আহতসকলক প্ৰথমে স্থানীয় লোকে কাজলগাঁও জে এচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ গুৰুতৰভাৱে আহত ব্যক্তি কেইজন ক্ৰমে আব্দুল জলিল (40), জিয়াৰুল হক (15) আৰু আইনাল হক (46) বুলি জানিব পৰা গৈছে ৷ আনহাতে আহত আন এজনৰ নাম জানিব পৰা হোৱা নাই (Bear Attack at Madarpur In Chirang) ৷
পুৱাৰ ভাগত হঠাতে মাদাৰপুৰ গাঁৱৰ এজন ব্যক্তিৰ বাৰীত আশ্ৰয় লৈ থকা ভালুকটো ওলাই আহি আক্ৰমণ কৰিছিল গাঁওবাসীক ৷ ইয়াৰে আহত এজনৰ চকুত আক্ৰমণ কৰে ভালুকটোৱে ৷ ফলত চকুত গুৰুতৰভাৱে আঘাট পোৱাত তেখেতক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ ভালুকটোৰ আক্ৰমণত আহত আনকেইজন ব্যক্তিয়ে পিঠি, ভৰি, হাতত আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে (Bear Attack in Chirang) ৷
ভালুকৰ আক্ৰমণত আতংকিত হৈ গাঁওবাসীয়ে খেদি যোৱাত এটা পুখুৰীত বহু সময় আশ্ৰয় লৈ থাকে ভালুকটোৱে । ঘটনাৰ খবৰ লাভ কৰি আৰক্ষীৰ লোক তাৎক্ষণিক ভাৱে ঘটনাস্থলীত উপস্থিত হয় যদিও বন বিভাগৰ লোক পলমকৈ উপস্থিত হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ প্ৰায় চাৰিঘন্টা পানীত আৱদ্ধ হৈ থকাৰ পিচত বন বিভাগৰ লোক উপস্থিত হৈ ট্ৰেংকুলাইজ কৰি ভালুকটো উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভালুকটো মুকলি কৰি দিয়া হয় ৷
উল্লেখযোগ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰাই ভালুকটো ওলাই অহা বুলি জনাইছে চিৰাং বন সংমণ্ডলৰ বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ৷ লগতে ভালুকৰ আক্ৰমণত আহত সকলৰ চিকিৎসাৰ দায়িত্ব বন বিভাগে লব বুলি জানিবলৈ দিছে বন বিষয়াগৰাকীয়ে ৷
লগতে পঢ়ক: Nalbari Medical College inauguration: মুকলি হ'ল নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল