ETV Bharat / state

ভিতৰুৱা অঞ্চলত স্বাস্থ্য সেৱা প্ৰদান এছএছবিৰ - 15 বেটালিয়নৰ কামাণ্ডেন্ট দূৰ্গা বাহাদুৰ

ভাৰতৰ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ অন্যতম তথা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা সশস্ত্ৰ সীমা বলৰ দেশপ্ৰেমৰ অনন্য নিদৰ্শন ৷ সীমান্তৱৰ্তী ভিতৰুৱা অঞ্চলত স্বাস্থ্যসেৱাকে ধৰি জীৱিকা নিৰ্বাহৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ আদিকে ধৰি শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত বাহিনীটোৱে পালন কৰি আহিছে উপযুক্ত ভূমিকা ৷

এছএছবিৰ বিশেষ অনুষ্ঠান
author img

By

Published : Sep 29, 2019, 4:45 PM IST

চিৰাং, 29 চেপ্তেম্বৰঃ দেশৰ সুৰক্ষাৰ লগতে জনসাধাৰণ নিৰাপত্তা নিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ চিভিক এক্সন প্ৰগ্ৰেমৰ আধাৰত বাহিনীটোৱে ৰাইজৰ মাজত বিভিন্ন অসামৰিক সেৱা প্ৰদান কৰি আহিছে ৷

চিৰাং জিলাৰ কাজলগাঁৱস্থিত এছএছবিৰ 15 বেটালিয়নে দেওবাৰে স্থানীয় ৰাইজৰ মাজত বিতৰণ কৰে চিলাই মেচিন ৷ চিভিক এক্সন প্ৰগ্ৰেমৰ অধীনত স্থানীয় চিকাঝৰাত 10গৰাকী স্থানীয় মহিলাক বিগত 15 দিনে বিনামুলীয়াকৈ কাপোৰ চিলাইৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল এছএছবিয়ে ৷ প্ৰশিক্ষণৰ অন্তত দেওবাৰে মহিলাকেইগৰাকীক একোটিকৈ চিলাই মেচিন প্ৰদান কৰে বাহিনীটোৱে ৷

এছএছবিৰ বিশেষ অনুষ্ঠান

আনহাতে একেটা স্থানতে বাহিনীটোৱে আয়োজন কৰে এক বিনামুলীয়া স্বাস্থ্য শিৱিৰ ৷ এছএছবিত কৰ্মৰত চিকিৎসক ডাঃ নিশিকান্তে চিকাঝৰা অঞ্চলৰ শতাধিক ৰাইজক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰদান কৰে বিনামুলীয়া ঔষধ ৷ জিলাখনৰ বিজনী মহকুমাৰ অধীনৰ 2নং চিকাঝৰা ত্ৰিনয়নী গ্ৰাম্য কাৰ্যালয়ত বাহিনীটোৱে আয়োজন কৰে এই কাৰ্যসূচী ৷ এছএছবিৰ চিভিক এক্সন কাৰ্যসূচীত উপস্থিত থাকে বিজনী মহকুমাৰ মহকুমাধিপতি দিথকানন্দ হাজৰিকা, ১৭নং সুবাইঝাৰ সমষ্টিৰ MCLA গুনেশ্বৰ গয়াৰী, বিষ্ণুপুৰ ভিচিডিচিৰ সভাপতি গদাধৰ দাসৰ লগতে 15 বেটালিয়নৰ কামাণ্ডেন্ট দূৰ্গা বাহাদুৰ ৷ অনুষ্ঠানৰ মাজতে কামাণ্ডেন্ট দূৰ্গা বাহাদুৰে ভাৰত দৰ্শন কাৰ্যসূচীৰ অধীনত শৈক্ষিক ভ্ৰমণৰ উদ্দেশ্যে অঞ্চলটোৰ পৰা 15গৰাকীকৈ শিক্ষাৰ্থীক ৰাজস্থান ভ্ৰমণৰ বাবে লৈ যোৱা হ'ব বুলি প্ৰকাশ কৰে ৷

Intro:চিৰাঙৰ বিজনী চিকাঝোৰাত এছ এছবিৰ বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ আৰু চিলাই প্ৰশিক্ষন সহ চিলাই মেচিন বিতৰন ।

Body:চিৰাং জিলাৰ বিজনীৰ ২ নং চিকাঝোৰা ত্ৰিনয়নী গ্ৰাম্য কাৰ্য়ালয়ৰ SSBৰ এক বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হয় । কাজলগাঁওস্থিত SSB ৰ ১৫ নং বেটেলিয়নৰ উদ্যোগত চিকাঝোৰা অঞ্চলত অনুষ্ঠিত হয় এই শিবিৰ। SSB ৰ ১৫ নং বেটেলিয়নৰ চিকিৎসক ড: নিশি কান্তে চিকিৎসা প্ৰদান কৰা এই স্বাস্থ্য সেৱা শিবিৰত বৃহত্তৰ চিকাঝৰা অঞ্চলৰ পৰা শতাধিক পুৰুষ , মহিলা আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পশুধনৰ বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে । ইফালে এই শিবিৰৰ সৈতে সংগতি ৰাখি কাপোৰ চিলাইৰ প্ৰশিক্ষণ ১০ জনকৈ মহিলাক ১৫ দিনীয়া প্ৰশিক্ষণ দি আজি প্ৰশিক্ষণৰ অন্তত ১০ জন মহিলাক একোটাকৈ চিলাই মেচিন বিনামূলীয়াকৈ ভাবে অনুষ্ঠানতে বিতৰণ কৰে বিজনী মহকুমাধিপতি শ্ৰীযুত দিথকানন্দ হাজৰিকা, ১৭নং সুবাইঝাৰ সমষ্টিৰ MCLA গুনেশ্বৰ গয়াৰী, বিষ্ণুপুৰ ভিচিডিচিৰ সভাপতি গদাধৰ দাস আৰু SSB ৰ ১৫ নং বেটেলিয়নৰ কমান্টডেণ্ড দুৰ্গা বাহাদুৰ সোনাৰ উপস্থিত থাকে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত দ্বায়িত্ব পালন কৰি অহাৰ উপৰিও বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে সুস্বাস্থ্য গঢ়াৰ ক্ষেত্ৰত ৰাইজক আহ্বান জনায়।

বাইট দিলো দুটা ।

Conclusion:চিৰাং জিলাৰ ভিতৰুৱা অঞ্চল সমুহত সেনাবাহিনী,অৰ্ধসামৰিক বাহিনী সহ বিভিন্ন বেচৰকাৰী সংস্থাৰ চিকিৎসা শিবিৰ অনুষ্টিত হয় প্ৰায়েই। কাৰন এই সমুহ চিকিৎসা শিবিৰৰ বাহিৰে এই ভিতৰুৱা অঞ্চলৰ লোকৰ কোনো চিকিৎসাৰ সুবিধা নাই ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.