ETV Bharat / state

উপায়ুক্তৰ কাৰ্যালয়ত এজনো বিষয়া-কৰ্মচাৰী নাই কিয় ! - জে এছ বি চিকিৎসালয়

চিৰাঙত পুনৰ ১২ জন লোকৰ দেহত ধৰা পৰাৰ পিছতেই সষ্টম হৈ পৰে প্ৰশাসন ৷ ইতিমধ্যে দুই এদিনতে উপায়ুক্তৰ কাৰ্য‍ালয় কন্টেইনমেন্ট ঘোষণা কৰিব বুলি জনায় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈয়ে ।

12 new Covid-19 Positive Case At Chirang District
চিৰাঙত উপায়ুক্তৰ কাৰ্যালয়ত এজনো নাই বিষয়া-কৰ্মচাৰী কিয় !
author img

By

Published : Jul 4, 2020, 8:07 PM IST

চিৰাং, 4 জুলাইঃ চিৰাঙত পুনৰ ১২ জন লোকৰ দেহত ধৰা পৰিছে কোভিড- ১৯ৰ উপস্থিতি ৷ ইতিমধ্যে উপায়ুক্ত কাৰ্যালয়কে ধৰি জেএচবি অসামৰিক চিকিৎসালয় কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা প্ৰশাসনৰ ।

চিৰাঙত উপায়ুক্তৰ কাৰ্যালয়ত এজনো নাই বিষয়া-কৰ্মচাৰী কিয় !

চিৰাং জিলাত তিনি দিনৰ ভিতৰত ১২ জন লোক কোভিড ১৯ত আক্ৰান্ত হোৱা বুলি পোহৰলৈ আহিছে ৷ জিলা খনত মুঠ ৬৬ গৰাকী ৰোগীৰ ভিতৰত ৩২ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৩৪ গৰাকী ৰোগী কাজলগাঁৱৰ জে এছ বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

উল্লেখ্য যে, শুকুৰবাৰে চিনাক্ত হোৱা ১২ গৰাকী নতুন ৰোগীৰ ভিতৰত চিৰাঙৰ জিলা উপায়ুক্তৰ পত্নী আৰু তেঁওৰ কন্যাও আছে । চাৰিদিন পূৰ্বে জ্বৰত ভুগি থকা উপায়ুক্তৰ পত্নীগৰাকীয়ে কন্যাৰ সৈতে গুৱাহাটীৰ পৰা চিৰাঙৰ সদৰ কাজলগাঁৱলৈ আহিছিল । আনহাতে, শুকুৰবাৰে কাজলগাঁও জে এছ বি চিকিৎসালয়ত কৰ্মৰত চিকিৎসক এজনৰ দেহতো কোবিড-১৯ ৰোগৰ উপস্থিতি ধৰা পৰিছে ৷ ইতিমধ্যে চিৰাং জিলাৰ উপায়ুক্তৰ পত্নী আৰু কন্যাক কাশীকোত্ৰা কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে জে এছ বি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আলাউদ্দিন আহামেদক চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰা হৈছে ৷

ইফালে চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিমাওমাও পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে । কোনো এজন বিষয়া কৰ্মচাৰী উপস্থিত হোৱা নাই কাৰ্যালয়টোত । জিলা উপায়ুক্ত গৌতম তালুকদাৰে পত্নী আৰু কন্যাৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰাৰ আগমুহুৰ্তলৈ উপায়ুক্তৰ কাৰ্যালয়লৈ নিয়মিত ভাৱেই উপস্থিত থাকি নিজৰ কাৰ্য‍ সম্পাদন কৰিছিল ৷ এই সময়ছোৱাত কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীৰ সৈতে সম্পৰ্ক হৈছিল বিষয়া গৰাকীৰ । সেয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সকলোৰে মাজত এতিয়া কৰণাতংকই বিৰাজ কৰিছে ।

ইতিমধ্যে দুই এদিনতে উপায়ুক্তৰ কাৰ্য‍ালয় কন্টেইনমেন্ট ঘোষণা কৰিব বুলি জনায় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈয়ে । একেদৰেই জিলা সদৰৰ কৰ'ণা ৰোগীৰ চিকিৎসাৰ কেন্দ্ৰ জে এচ বি অসামৰিক চিকিৎসালয়ৰ এজন চিকিৎসক ডাঃ আলাল উদ্দিন আহমেদৰ লগতে চিকিৎসালয়খনৰ এজনি ছাফাই কৰ্মী আক্ৰান্ত হোৱাত শনিবাৰে চিকিৎসালয় খনত থকা সাধাৰণ ৰোগী সকলৰ কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰি চিকিৎসালয়ৰ পৰা স্থানান্তৰিত কৰে ৷ আৰু নতুন আন কোনো ৰোগীকে চিকিৎসালয় খনত ভৰ্তি হ'বলৈ দিয়া নাই স্বাস্থ্য বিভাগে ।

দেওবাৰৰ পৰা চিকিৎসালয়খন কন্টেইনমেন্ট জ'ন কৰাৰ কথাও উল্লেখ কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জনে । জিলা খনত এতিয়ালৈকে ৬৪০৭ টা স্বাৱ সংগ্ৰহ কৰা হৈছে । আজিও বহু লোকৰ নমুনা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে । বহিঃৰাজ্যৰ পৰা অহা মুঠ ৮১২৭ জন লোকৰ ভিতৰত ৬১২৯ গৰাকী লোকে ১৪ দিন কোৱাৰেন্টাইন কেন্দ্ৰত থকাৰ পিছত ১৪ দিনৰ হোম কোৱাৰেন্টাইনত থাকিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে । বৰ্তমান চিৰাং জিলাত ১৯৯৮ জন লোক হোম কোৱাৰেন্টাইন হৈ বুলি স্বাস্থ্য বিষয়া জনে মন্তব্য কৰে ।

লগতে পঢ়ক- পৰীক্ষা অবিহনেই হোজাইত কৰ'ণা পজিটিভ এগৰাকী লোক!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.