মৰাণ,10 জুন : সমগ্ৰ ৰাজ্যত ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বাহাল থকা আংশিক লক ডাউনৰ মাজতে অসম আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা-বেপাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ অব্যাহত ৰাখিছে অভিযান ৷ বিশেষকৈ ৰাজ্যৰ শাসনৰ দায়িত্বত নতুন এখন চৰকাৰ অধিষ্ঠিত হোৱাৰে পৰা এই সম্পৰ্কত আৰক্ষীয়ে সাহসী তথা কঠোৰ স্থিতি অৱলম্বন কৰিছে ৷
সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো আৰক্ষী প্ৰশাসনে এনে ব্যৱসায়ৰ সৈতে জড়িত চক্ৰটোৰ বিৰুদ্ধে কঠোৰ স্থিতি অৱলম্বন কৰা দেখা গৈছে ৷ শেহতীয়াকৈ সোণাৰিৰ নামতোলাত আৰক্ষী আৰু চিআৰপিএফে(CRPF) যুটীয়া অভিযান (Joint Operation) চলাই বুধবাৰে আবেলি বুজন পৰিমাণৰ গাঞ্জাসহ এজন লোকক আটক কৰে ।
ধৃত লোকজনৰ নাম ৰোহিত তাঁতী বুলি জানিব পৰা গৈছে ৷ অভিযানকাৰী দলটোৱে প্ৰায় ৮.৬ কিল’গ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷