মৰাণ,8 জুন: অসমৰ তাঁতশিল্প প্ৰাচীনকালৰে পৰা এক গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প । অসমৰ জাতীয় জীৱনত তথা মহিলা সবলীকৰণৰ উপৰিও গ্ৰাম্য অৰ্থনীতিত তাঁতশিল্পৰ ভূমিকা অপৰিসীম । তাঁতশালৰ কাপোৰে এই শিল্পৰ সৈতে জড়িত থকা পৰিয়ালসমূহক আৰ্থিক সকাহ দিব পৰাকৈ ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে (handloom and textile department) শিপিনীসকলৰ আৰ্থিক সাহায্যৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে ।
শেহতীয়াকৈ তাঁতশিল্পৰ জৰিয়তে মহিলাসকলক উপাৰ্জনমুখী কৰি তুলিবলৈ অসম চৰকাৰে দক্ষ শিপিনী (skilled weaver) সকলৰ মাজত তাঁতশাল বিতৰণৰ আঁচনি গ্ৰহণ কৰিছে । সোমবাৰে চৰাইদেউ জিলাৰ সোণাৰিত এক অনুষ্ঠানত তাঁতশাল বিতৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মহনে ।

মন্ত্ৰীজনে তাঁত শিল্পটোক ধৰি ৰাখিবলৈ আহ্বান জনাই শিপিনীসকলৰ মাজত তাঁতশাল আৰু সূতা বিতৰণ কৰে । উক্ত অনুষ্ঠানটোত মন্ত্ৰীগৰাকীৰ সৈতে সোণাৰিৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা উপায়ুক্ত আৰু হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ বিষয়াসকল উপস্থিত আছিল ৷
লগতে পঢ়ক: সুৰা মানুহৰ বাবে একপ্ৰকাৰৰ টনিক : কেন্দ্ৰীয় মন্ত্ৰী ফাগ্গান সিং কুলাষ্টে