ETV Bharat / state

প্ৰধান শিক্ষকে শৌচাগাৰৰ টেংকিত পেলালে মধ্যাহ্ন ভোজনৰ চাউল

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 2:15 PM IST

Updated : Jan 12, 2024, 2:22 PM IST

Scam in mid day meal:নগাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ মধ্যাহ্ন ভোজনৰ চাউল । বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ অবিবেচিত কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাত ।

Nagahat Higher Secondary School
নগাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়
নগাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়

মৰাণ, ১২ জানুৱাৰী : চৰকাৰী বিদ্যালয় সমূহলৈ পৰ্যাপ্ত পৰিমাণৰ চাউল যোগান নধৰা বাবে ছাত্ৰ-ছাত্ৰীসকলক মধ্যহ্ন ভোজনৰ দিব নোৱাৰাৰ অভিযোগ উত্থাপন হোৱা সময়ত চৰাইদেউৰ নগাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ মধ্যাহ্ন ভোজনৰ চাউল । ৰাজকোষৰ ধন ব্যয় কৰি চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰা চাউল গুদামৰ ভিতৰতে বস্তাই বস্তাই কেনেকৈ নষ্ট হ'বলৈ পালে তাক লৈ ৰহস্যৰ সৃষ্টি কৰিছে ।

উত্থাপিত অভিযোগ অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে অহা প্ৰয়োজনীয় চাউল সমূহ বিদ্যালয়খনত প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে ছাত্ৰ- ছাত্ৰীক মধ্যাহ্ন ভোজনৰ ব্যৱস্থাৰ নকৰাৰ বাবে বহু চাউল পঁচি গৈছিল । লগতে বিদ্যালয়ৰ চাউলৰ গুদামৰ কুইন্টল কুইন্টল চাউলৰ বস্তা ৰৈ যোৱাত নিজৰ দোষ ঢাকিবলৈ প্ৰধান শিক্ষক গৰাকীয়ে কেইবা কুইন্টল চাউল বিদ্যালয়ৰ শৌচাগাৰৰ টেংকিত ভৰাই দিয়ে । বিদ্যালয়ত থকা অতিৰিক্ত চাউল সমূহ ছাত্ৰ- ছাত্ৰীৰ মাজত বিতৰণ কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰধান শিক্ষকক আহ্বান জনোৱাৰ পাছতেই প্ৰধান শিক্ষক গৰাকীয়ে নিজৰ দুৰ্নীতি লুকোৱাবৰ বাবেই এই ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

অভিভাৱক সকলে কৰা অভিযোগ মতে, শিক্ষক ৰঞ্জিত গগৈৰ ছাত্ৰ- ছাত্ৰীক মধ্যাহ্ন ভোজন নিয়মিত যোগান নধৰে । ৰাইজৰ অভিযোগৰ ভিত্তিত ইতিহাস বিভাগৰ বিষয়া আহি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে নগাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেই বহু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল । চৰকাৰী চাইকেল বিতৰণ কৰাৰ ক্ষেত্ৰত টকা সংগ্ৰহ কৰা, ছাত্ৰ -ছাত্ৰীক বনভোজলৈ নিব বুলি টকা সংগ্ৰহ কৰি বনভোজলৈ নিনিয়াকৈ ধন আত্মসাৎ কৰা, মধ্যাহ্ন ভোজনৰ পৰা ছাত্ৰ-ছাত্ৰীক বিৰত ৰাখি বস্তাই বস্তাই চাউল ঘৰলৈ নিয়াৰ দৰে গুৰুত্বৰ অভিযোগ উঠিছিল । পুনৰ বিদ্যালয়ৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ মধ্যাহ্ন ভোজনৰ চাউল উদ্ধাৰ হোৱাৰ ঘটনাই চৰাইদেউ সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সমগ্ৰ ঘটনা উচিত তদন্ত কৰি বিদ্যালয়খনলৈ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ ৰাইজ আৰু অভিভাৱকে শিক্ষা বিভাগক দাবী জনাইছে ।

লগতে পঢ়ক:ভূ-লুণ্ঠিত মানৱতা: হাঁড় কপোৱা শীতত মুকলি আকাশৰ তলত উচ্ছেদিত

Last Updated : Jan 12, 2024, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.