ETV Bharat / state

Jimmy the Hero: মানৱ সমাজৰ সৈতে যাৰ গঢ়ি উঠিছে আত্মিক সম্পৰ্ক

মানুহৰ সংগ ভালপোৱা এটি কুকুৰ ৷ সমগোত্ৰীয় কুকুৰৰ সৈতে নাই তাৰ কোনো সম্পৰ্ক ৷ কেৰালাৰ এই কুকুৰটোৱে শেহতীয়াকৈ লাভ কৰিছে সংবাদ মাধ্যমত বিশেষ চৰ্চা ৷

author img

By

Published : Oct 19, 2022, 11:36 AM IST

jimmy-a-country-dog-who-is-a-hero-for-mahadeva-villagers
Jimmy: মানৱ সমাজৰ সৈতে যাৰ গঢ়ি উছিছে আত্মিক সম্পৰ্ক

নেশ্যনেল ডেস্ক, 19 অক্টোবৰ: কেৰালাৰ ৰাজপথত এটা মানুহপ্ৰিয় কুকুৰ ৷ শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া বাস্তৱ ৷ ৰাজ্যখনত ক্ৰমাগত হাৰত বৃদ্ধি পায় অহা বাটৰুৱা কুকুৰৰ জনসংখ্যা ৰোধ কৰিবলৈ চিন্তা-চৰ্চা অব্যাহত ৰখাৰ সময়তে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে এই বাটৰুৱা কুকুৰটোৱে (stray dog population in Kerala)৷

বাটৰুৱা কুকুৰটোৰ নাম জিমি ৷ যদিওবা ডেভিদ নামৰ অৱসৰপ্ৰাপ্ত আবকাৰী পৰিদৰ্শক গৰাকীৰ মালিকানাধীন এই কুকুৰটো( retired excise inspector David), জিমি কাৰো ঘৰৰে পোহনীয়া নহয় ৷ পায়ন্নুৰৰ মহাদেৱ গাঁৱৰ এগৰাকী সক্ৰিয় সদস্য জিমি । লগতে সমগ্ৰ গাওঁবাসীৰে জিমিৰ প্ৰতি আছে ভাবিব নোৱৰা ধৰণে শ্নেহ-প্ৰীতি ৷

জিমি: মানৱ সমাজৰ সৈতে যাৰ গঢ়ি উঠিছে আত্মিক সম্পৰ্ক

মহাদেৱ গাঁৱৰ এই কুকুৰটোৰো আছে গাওঁবাসীৰ প্ৰতি এক বিশেষ টান ৷ ঠিক এক শিশুৱে দেখুওৱা আবদাৰৰ দৰেই জিমিয়েও গাঁওবাসীৰ আগত দেখুৱাই বিশেষ আবদাৰ ৷ শিৱদাসন নামৰ লোকজনৰ বাইকত উঠি তহল দিবলৈ যোৱাৰ লগতে সুনী নামৰ লোকজনে অৰ্থ উপাৰ্জনৰ অৰ্থে অটোখন উলিয়াই লৈ যোৱাৰ পূৰ্বে জিমিক এবাৰ ফুৰাবলৈ লৈ যায় ৷ গাওঁবাসীৰ সৈতে সকলো সময়তে একেলগে থকা জিমি গাওঁখনৰ কাৰোবাৰ বাবে দেউতাক, ভায়েক, ককাক, দাদা আৰু বহু কিবাকিবি । জিমিৰ পৰিয়ালৰ লোকসকলে চাহ খাই খাই আড্ডা মৰাৰ সময়তে জিমিয়েও বন গছৰ প্লেটফৰ্মত বহি চাহ আৰু বিস্কুটৰ জুতি লয় ৷

উল্লেখ্য যে, মানুহৰ সংগ ভালপোৱা জিমিৰ অঞ্চলটোৰ আন কুকুৰৰ সৈতে নাই কোনো বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৷ তাৰ বিপৰীতে মানৱ সমাজৰ সৈতে জিমিৰ আছে এক সুকীয়া আত্মিক সম্পৰ্ক ৷ মানৱীয় সংগহে জিমিয়ে উপভোগ কৰে ৷ পায়ন্নুৰৰ মহাদেৱ গাওঁবাসীৰ মৰমৰ জিমিক গাওঁবাসীয়ে নিয়মীয়াকৈ যোগান ধৰে প্ৰতিষেধকৰো ৷

মানৱীয় সমাজত হত্যা, মাৰি-মৰক,অশান্তি-অপ্ৰীতি আদি বৃদ্ধি পায় অহাৰ সময়তে জিমিৰ কাহিনীয়ে নেটিজেন সমাজত লাভ কৰিছে বিশেষ চৰ্চা ৷ মানুহ মানুহৰ সৈতে সহবাস কৰিব নোৱাৰা পৰিৱেশৰ সূচনা হোৱাৰ সময়তে জীৱ-জন্তুৰ সৈতে মানৱ সমাজৰ বৃদ্ধি হৈ অহা আত্মিয়তাই আধুনিক মানৱ সমাজক বহু কথাই ভাবিবলৈ বাধ্য কৰিছে ৷

লগতে পঢ়ক: Erosion in chabua: কাতি বিহু পালনৰ পৰা বঞ্চিত চাবুৱাৰ কৃষক ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.