ETV Bharat / state

মাজুলীৰ মিচাৰমৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

author img

By

Published : Apr 9, 2022, 10:06 AM IST

মাজুলী মিচাৰমৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া (Brahmaputra river erosion in Majuli) । চ'ত মাহতেই মহাবাহু ব্ৰহ্মপুত্ৰই লৈছে ভয়ংকৰ ৰূপ । নৈৰ বুকুত বিলীন হৈছে কৃষি ভূমি । গৰাখহনীয়া প্ৰতিৰোধত ব্যৰ্থ বুলি ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি কে কোম্পানীৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ ।

মাজুলী মিচাৰমৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া
মিচাৰমৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

মাজুলী, 9 এপ্ৰিল : মাজুলীত খহনীয়াৰ তাণ্ডৱ (Brahmaputra river erosion in Majuli) ৷ লুইতত উটি গ’ল ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ৰূপায়ণ কৰা ২৩৭ কোটি টকীয়া জিঅ’ বেগৰ আঁচনি (Geo begs Scheme) । নিমিষতে খহাই লৈ গ’ল শতাধিক বিঘা কৃষিভূমি । হাহাকাৰ অৱস্থা এতিয়া নৈপৰীয়া ৰাইজৰ ।

মাজুলীৰ 1 নং মিছামৰাত জাহ গৈছে শ শ বিঘা কৃষি ভূমি । কেমেৰাৰ সন্মুখতে চপৰা চপৰে খহিছে নৈৰ গৰা । ব্ৰহ্মপুত্ৰ ব’ৰ্ডে জিঅ’ বেগৰ আঁচনি ৰূপায়ণ কৰিছিল যদিও অতি নিম্নমানৰ হোৱাৰ বাবে লুইতত জাহ গৈছে । মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে প্ৰতি বছৰে কোটি কোটি টকা মোকোলাই দিয়ে যদিও, খহনীয়া প্ৰতিৰোধত ব্যৰ্থ হৈছে ব্ৰহ্মপুত্ৰ ব’ৰ্ড ।

মিচাৰমৰাত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে নৈপৰীয়া কৃষি ভূমি । এই দৃশ্য মাজুলীৰ মিছামৰাৰ কেমেৰাৰ সন্মুখত খহিছে মাজুলীৰ বুকু । ইখনৰ পিছত সিখন নৈপৰীয়া গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া কাল ৰূপ ধাৰণ কৰিছে । ভয়াৱহ খহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ পাচতো মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি কে কোম্পানী সম্প্ৰতি ব্যস্ত কুম্ভকৰ্ণৰ নিদ্ৰাত ।

লগতে পঢ়ক : মাজুলীৰ চৰকাৰী কাৰ্যালয়ৰ পৰা চুৰি প্ৰায় ৬০০ টা জিঅ' বেগ

মাজুলীৰ ভৌগোলিক স্থায়ী সুৰক্ষাৰ কাম 2016 চন টি কে কোম্পানীয়ে 237 কোটি টকাৰ আৱণ্টন লাভ কৰিছিল যদিও সম্পূৰ্ণ কাম কৰিবলৈ সক্ষম নহ’ল । খৰালি কোনো ধৰণৰ সুৰক্ষাৰ কাম নকৰা ব’ৰ্ডখনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে মিছামৰা গাঁৱবাসীয়ে । মাজুলীৰ স্থায়ী সুৰক্ষাৰ বাবে সংস্থাপন কৰা জিঅ’ বেগ অংশ খহনীয়া জাহ যোৱাৰ পাচতো ব’ৰ্ড কোনো বিষয়া-কৰ্মচাৰী উপস্থিত হোৱা নাই ।

প্ৰতিদিনে মাজুলীৰ নৈপৰীয়া গাঁৱৰ ঘৰ-মাটি নদীৰ বুকুত বিলীন হৈছে । সময় থাকোতে যদি সুৰক্ষাৰ কাম নকৰে, অনাগত দিনত মাজুলীৰ দ্বীপ নদীৰ বুকুত বিলীন যে হ’ব, সেই কথা একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক : নদী দ্বীপ মাজুলীত খহনীয়াৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.