ETV Bharat / state

মোডী পূজাৰ প্ৰতিযোগিতাত সৰ্বানন্দ-হিমন্ত : তৰুণ গগৈ - সৰ্বানন্দ সোণোৱাল

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আক্ৰমণ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ মোডীৰ পূজা কৰাক লৈ প্ৰতিযোগিতাত নামিছে দুই নেতা । কোনে বেছিকৈ মোডীক পূজা কৰিব পাৰে ইয়াৰে প্ৰতিযোগিতা চলিছে দুয়োৰে মাজত ৷

মোডী পূজাৰ প্ৰতিযোগিতাত সৰ্বানন্দ-হিমন্ত : তৰুণ গগৈ
author img

By

Published : Apr 25, 2019, 5:55 PM IST

গুৱাহাটী, 25 এপ্ৰিলঃ বৃহস্পতিবাৰে এক সংবাদমেল আয়োজন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কটাক্ষ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ সোণোৱাল আৰু হিমন্ত এতিয়া মোডীক পূজা কৰাৰ প্ৰতিযোগিতাত নামিছে । কোনে বেছিকৈ মোডীক পূজা কৰিব পাৰে ইয়াৰে প্ৰতিযোগিতা চলিছে দুয়োৰে মাজত । বৰ্তমান বিজেপিৰ নেতা সকল অকল মোডীক পূজা কৰাত ব্যস্ত। মোডীক কোনে বেছি পূজা কৰিব পাৰে ইয়াৰে প্ৰতিযোগিতাত লাগিছে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ মাজত । কংগ্ৰেছে ইন্দিৰা গান্ধীক নেতা বুলি সন্মান কৰে যদিও বিজেপি ব্যক্তি পূজাত হে ব্যস্ত বুলি কটাক্ষ তৰুণ গগৈৰ । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো তীব্ৰ ভাষাৰে আক্ৰমণ কৰি গগৈয়ে কয় মোডীয়ে অক্ষয় কুমাৰক দিয়া সাক্ষাৎকাৰ নাটকৰ বাহিৰে একো নহয় । মোডীয়ে পাঁচ বছৰত কৰা নিজৰ কামৰ কথা উল্লেখ নকৰি অক্ষয় কুমাৰৰ লগত অকল নিজৰ ব্যক্তিগত জীৱনৰ কথাই উল্লেখ কৰিছে । নিজৰ পাঁচ বছৰৰ কাৰ্যকালৰ সফলতা ৰাইজৰ আগত দাঙি ধৰাৰ বিপৰীতে তেওঁক কোনে মিঠাই দিছে, কোনে আম দিছে এইবোৰ কথাই সাক্ষাৎকাৰত উল্লেখ কৰিছে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে নিৰ্বাচনী আয়োগৰ ভূমিকাক সমালোচনা কৰি নিৰ্বাচনী আয়োগক মেৰুদণ্ডহীন বুলি আখ্যা দিয়ে তৰুণ গগৈয়ে ৷

আৰু পঢ়ক: সাংবাদিকৰ ৰূপত বলীউদৰ অভিনেতা অক্ষয় কুমাৰঃমোডীৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ইপিনে ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ৮ খন আসন লাভ কৰিব বুলি আশাবাদী তৰুণ গগৈ । কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়টো সঠিক ভাবে ৰাইজৰ মাজত লৈ যাবলৈ সম্পূৰ্ণ ৰূপে সক্ষম নোহোৱাৰ ফলতেই কংগ্ৰেছ দলৰ ভোট কিছু কম হ'ব পাৰে । কংগ্ৰেছৰ লগতে বিভিন্ন দল-সংগঠনেও নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়টো সঠিক ভাবে ৰাইজৰ মাজত লৈ যাবলৈ সম্পূৰ্ণৰূপে সক্ষম হোৱা নাই । কংগ্ৰেছ দলে সদায় নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে থাকিব আৰু প্ৰয়োজন হ’লে তীব্ৰ আন্দোলন কৰিব বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

Intro:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি মন্তব্য প্ৰকাশ কৰিলে যে সোনোৱাল আৰু হিমন্ত মোদী পূজাৰ প্ৰতিযোগিতাত নামিছে। কোনে বেছিকৈ মোদীক পূজা কৰিব পাৰে ইয়াৰে প্ৰতিযোগিতা চলিছে দুয়োৰে মাজত।

Body:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদমেল অনুষ্ঠিত কৰি আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি কয় যে বৰ্তমান বিজেপিৰ নেতা সকল অকল মোদীক পূজা কৰাত ব্যস্ত হৈ আছে। মোদী পূজাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত প্ৰতিযোগিতা চলিছে। মোদীক কোনে বেছি পূজা কৰিব পাৰে ইয়াৰে প্ৰতিযোগিতাত লাগিছে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী। কংগ্ৰেছে ইন্দিৰা গান্ধীক নেতা বুলি সন্মান কৰে যদিও বিজেপিয়ে ব্যক্তি পূজাত ব্যস্ত হৈছে।

বাইট ১: তৰুণ গগৈ

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কৰি কয় যে মোদীয়ে অক্ষয় কুমাৰ দিয়া ইণ্টাৰভিউ নাটকৰ বাহিৰে একো নহয়। মোদীয়ে পাঁচ বছৰত কৰা নিজৰ কামৰ কথা উল্লেখ নকৰি অক্ষয় কুমাৰৰ লগত অকল নিজৰ ব্যক্তিগত জীৱনৰ কথাই উল্লেখ কৰিছে। তৰুণ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি আৰু কয় মোদীয়ে নিজৰ পাঁচ বছৰৰ সফলতা ৰাইজৰ আগত দাঙি ধৰাৰ বিপৰীতে তেওঁক কোনে মিঠাই দিছে, কোনে আম দিছে এইবোৰ কথাই ইণ্টাৰভিউত উল্লেখ কৰিছে।

বাইট ২: তৰুণ গগৈ

Conclusion:ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ৮খন আসন লাভ কৰিব বুলি তৰুণ গগৈ আশাবাদী। গগৈয়ে আৰু উল্লেখ কৰে যে কংগ্ৰেছ দলে কেবৰ ইছ্যু সঠিক ভাবে ৰাইজৰ মাজত লৈ যাবলৈ সম্পূৰ্ণৰূপে সক্ষম নোহোৱাৰ ফলত কংগ্ৰেছ দলৰ ভোট কিছু কম হ'ব পাৰে। কংগ্ৰেছৰ লগতে বিভিন্ন দল-সংগঠনেও কেবৰ ইছ্যু সঠিক ভাবে ৰাইজৰ মাজত লৈ যাবলৈ সম্পুৰ্ণৰূপে সক্ষম হোৱা নাই। কংগ্ৰেছ দলে সদায় কেব বিৰুদ্ধে থাকিব আৰু প্ৰয়োজন হলে তীব্ৰ আন্দোলানো কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.