ওদালগুৰি,28ফেব্ৰুৱাৰীঃ অসমৰ এটা অঞ্চলৰ পৰাই কৰ্মজীৱনৰ পাতনি মেলিছিল যোগগুৰু বাবা ৰামদেৱে । গাঁৱখনত চাইকেল চলায় ঘূৰি ফুৰা ৰামদেৱ এতিয়া ভ্ৰমণ যাত্ৰাত ব্যৱহাৰ কৰে হেলিকপ্টাৰ । বৃহস্পতিবাৰে ওদালগুৰিৰৰ ভৈৰৱকুণ্ডত 28 বৰ্ষৰ পুৰণি কথা মনত পেলাই নষ্টালজিক হৈ পৰিল যোগগুৰুজন । 1990-91 চনত ওদালগুৰিৰ ভৈৰৱকুণ্ডত বৃদ্ধি পাইছিল মেলেৰিয়াৰ উপদ্ৰৱ । তেতিয়াই স্বামী বীৰ নাথৰ লগত তেতিয়াৰ আচাৰ্য ৰামদেৱ আৰু বাল কৃষ্ণই দিল্লীৰ যোগ শিবিৰ এটা কৰি লাভ কৰা ধনেৰে দৰৱ কিনি বিতৰণৰ বাবে আহিছিল ভৈৰৱকুণ্ডলৈ । সেইয়া আছিল ৰামদেৱৰ প্ৰথমটো উত্তৰ-পূৱ ভ্ৰমণ । তেতিয়াতে কেইবামাহ ধৰি ওদালগুৰিৰ বিভিন্ন অঞ্চলত বাস কৰিছিল যোগগুৰুজন । যাৰ বাবে সুদীৰ্ঘ 28 বছৰ পাচত ভৈৰৱকুণ্ডত উপস্থিত হৈ নষ্টালজিক হোৱাৰ উপৰিও ওদালগুৰিৰ ভৈৰৱকুণ্ডত পোৱা প্ৰথম মৰমৰ বাবে ধন্যবাদ জনাই অঞ্চলবাসীক ।
ওদালগুৰিৰ লগত কি সম্পৰ্ক বাবা ৰামদেৱৰ!! - ৰামদেৱ
ওদাগুৰিত চাইকেল চলায় দিন পাৰ কৰিছিল যোগগুৰু ৰামদেৱে
ওদালগুৰি,28ফেব্ৰুৱাৰীঃ অসমৰ এটা অঞ্চলৰ পৰাই কৰ্মজীৱনৰ পাতনি মেলিছিল যোগগুৰু বাবা ৰামদেৱে । গাঁৱখনত চাইকেল চলায় ঘূৰি ফুৰা ৰামদেৱ এতিয়া ভ্ৰমণ যাত্ৰাত ব্যৱহাৰ কৰে হেলিকপ্টাৰ । বৃহস্পতিবাৰে ওদালগুৰিৰৰ ভৈৰৱকুণ্ডত 28 বৰ্ষৰ পুৰণি কথা মনত পেলাই নষ্টালজিক হৈ পৰিল যোগগুৰুজন । 1990-91 চনত ওদালগুৰিৰ ভৈৰৱকুণ্ডত বৃদ্ধি পাইছিল মেলেৰিয়াৰ উপদ্ৰৱ । তেতিয়াই স্বামী বীৰ নাথৰ লগত তেতিয়াৰ আচাৰ্য ৰামদেৱ আৰু বাল কৃষ্ণই দিল্লীৰ যোগ শিবিৰ এটা কৰি লাভ কৰা ধনেৰে দৰৱ কিনি বিতৰণৰ বাবে আহিছিল ভৈৰৱকুণ্ডলৈ । সেইয়া আছিল ৰামদেৱৰ প্ৰথমটো উত্তৰ-পূৱ ভ্ৰমণ । তেতিয়াতে কেইবামাহ ধৰি ওদালগুৰিৰ বিভিন্ন অঞ্চলত বাস কৰিছিল যোগগুৰুজন । যাৰ বাবে সুদীৰ্ঘ 28 বছৰ পাচত ভৈৰৱকুণ্ডত উপস্থিত হৈ নষ্টালজিক হোৱাৰ উপৰিও ওদালগুৰিৰ ভৈৰৱকুণ্ডত পোৱা প্ৰথম মৰমৰ বাবে ধন্যবাদ জনাই অঞ্চলবাসীক ।
Body:
যোগেৰে বিশ্ব জয় কৰিছে বাবা ৰামদেৱে ।ৰামদেৱৰ সামগ্ৰীও দখল কৰিছে বিশ্বৰ বজাৰ। কিন্তু আপুনি জানি সুখী হব ৰামদেৱৰ এই সফলতাৰ আঁৰত আছে অসমৰ এটা অঞ্চল । অসমৰ সেই অঞ্চলৰ পৰাই কৰ্মজীৱন আৰম্ভ কৰিছিল বাবা ৰামদেৱে। কিন্তু অসমৰ কোন ঠাইৰ পৰা কৰ্ম জীৱনৰ আৰম্ভণি কৰিছিল ৰামদেৱে? বাবা ৰামদেৱৰ মুখৰেই শুনক এই কথা।
হয়। ওদালগুৰিৰৰ ভৈৰৱকুণ্ডত আৰু বান্দৰগুৰি হল যোগ গুৰু জনৰ প্ৰথম কৰ্ম ভূমি।
সেই কথা ১৯৯০-৯১ চনৰ। তেতিয়া এই অঞ্চল সমূহত বৃদ্ধি পাইছিল মেলেৰীয়াৰ উপদ্ৰৱ।সেই সময়তে এই কথা জানি স্বামী বীৰ নাথৰ লগত তেতিয়াৰ আচাৰ্য ৰমদেৱ আৰু বাল কৃষ্ণই দিল্লীৰ যোগ শিবিৰ এটা কৰি লাভ কৰা ধনেৰে দৰৱ কিনি বিতৰণৰ বাবে আহিছিল ভৈৰৱকুণ্ডত। এয়াই আছিল ৰামদেৱ আৰু বাল কৃষ্ণৰ প্ৰথম উত্তৰ পূব ভ্ৰমণ। তেতিয়াই কেইবা মাহ ধৰি এই অঞ্চল সমূহত আছিল বাবা ৰামদেৱ। বাবা ৰামদেৱে কেইবা মাহ ধৰি আছিল এই খন ঘৰটোত। বান্দৰগুৰি গাঁওৰ এই ঘৰ খনত থাকিয়েই ৰামদেৱে কৰিছিল যোগ চৰ্চা। বিনামূলীয়াকৈ বিতৰণ কৰিছিল বিভিন্ন ঔষধ। এইবাৰ সুদীৰ্ঘ ২৮ বছৰ পিছত সম্পূৰ্ণ নতুন ৰূপত এই ঘৰটোত উপস্থিত হৈছে বাবা ৰামদেৱ। ২৮ বছৰ পাছত ৰামদেৱক ঘৰ খনত লাভ কৰি নিষ্টলজিক হৈ পৰিছে পৰিয়ালৰ লোক। ২৮ "বছৰ পিছত নিজৰ কৰ্মভূমিত উপস্থিত
নষ্টালজিক হৈ পৰিছে ৰামদেৱো।
কৈ গৈছে ২৮ বছৰ পূৰ্বৰ সেই কথা।
কৈ গল বাবা ৰামদেৱে চাইকেল অঞ্চলটোত ঘূৰি ফুৰা কথা। ৰাইজে দিয়া মৰমৰ কথা
আনহাতে আচাৰ্য বাল কৃষ্ণই যি সময়ত বিশ্বই তেওঁলোকৰ জনা নাছিল সেই সময়ত সেই সময়ত ওদালগুৰিৰ ভৈৰৱকুণ্ডত পোৱা প্ৰথম মৰমৰ বাবে ধন্যবাদ জনালে। বাবা ৰামদেৱেও কলে মোৰ জন্ম ভূমি হাৰিয়ানা যিমান আপোন সমানেই আপোন মোৰ প্ৰথমকৰ্ম ভূমি।
BYTE- ৰামদেৱ
BYTE - বাল কৃষ্ণ
BYTE_ ৰামদেৱ ২৮ বছৰ পূৰ্বে থকা ঘৰৰ পৰিয়াল
Conclusion: