বৰপেটা ৰাজীৱ ভৱনৰ সন্মুখত আনন্দ উল্লাস
ফটকা ফুটাই আনন্দ উল্লাহ বৰপেটা কংগ্ৰেছ কৰ্মীৰ
barpeta congress
Slug: A_BAR_13FEB_801TO803_BARPETA_CONG_BIJAY_UTSAV_VIS+PHOTO+BITE_BAPKAN_DAS
ৰাজ্যসভাত উত্থাপন নহ'ল নাগৰিকত্ব সংশোধনী বিধেয়কঃ বৰপেটাত ফটকা ফুটাই আনন্দ প্ৰকাশ জিলা কংগ্ৰেছৰ ৷৷
বৰপেটা, ১৩ ফেব্ৰুৱাৰীঃ অবশেষত ৰাজ্যসভাত উত্থাপন নহ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পিচতেই বৰপেটাত উৎফুল্লিত হৈ পৰে কংগ্ৰেছ কৰ্মীসকল ৷ বিধেয়ক গৃহীত নোহোৱাৰ আনন্দত বৰপেটা ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে ফটকা ফুটাই আনন্দ উল্লাস প্ৰদৰ্শন কৰে ৷ কংগ্ৰেছ কৰ্মীসকলে বিজেপি মুৰ্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ ধ্বনি ধ্বনি দিয়ে ৷ কংগ্ৰেছৰ বলিষ্ঠ ভূমিকাৰ বাবেই বিজেপিয়ে বিধেয়কখন গৃহীত কৰাত সফল নহ'ল বুলি মন্তব্য কৰে বৰপেটা কংগ্ৰেছে ৷ কংগ্ৰেছ সদায়েই অসমীয়া জাতিৰ পক্ষত থকা বুলি মন্তব্য কৰি ভাৰতীয় সংবিধান বিৰোধী নাগৰিকত্ব বিধেয়ক কোনোপধ্যেই গৃহীত কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰে কংগ্ৰেছে ৷
বাইটঃ কংগ্ৰেছ নেতা, বৰপেটা ৷
--- বাপকন দাস, বৰপেটা ৷৷
ফুটেজ, ফটো আৰু বাইট ftpত পঠোৱা হৈছে ৷