ETV Bharat / state

কেনেদৰে চলিছে মহানগৰীৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কাম ! কি দেখিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ? - মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে ভৰলুমুখৰ পৰা জালুকবাৰীলৈ প্ৰস্তাৱিত পদপথৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কামৰ বুজ ললে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে কামাখ্যা গে’ট আৰু মালিগাঁও চাৰিআলিত এক্সেলেটৰৰ সুবিধাযুক্ত ফুট অ’ভাৰব্ৰীজ দুখনো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে

মহানগৰীৰ ফুটপাথত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jun 3, 2019, 7:44 PM IST

গুৱাহাটী, 3 জুনঃ গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্দ্ধনৰ কামৰ বুজ লোৱাৰ উদ্দেশ্যে সোমবাৰে পুৱাই গুৱাহাটীৰ বিভিন্ন প্ৰান্তত উপস্থিত হ’ল মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা । মন্ত্ৰীগৰাকীয়ে ভৰলুমুখৰ পৰা জালুকবাৰীলৈ প্ৰস্তাৱিত পদপথৰ সৌন্দৰ্যবৰ্ধনৰ কামৰ বুজ লয় আনহাতে কামাখ্যা গে’ট আৰু মালিগাঁও চাৰিআলিত এক্সেলেটৰৰ সুবিধাযুক্ত ফুট অ’ভাৰব্ৰীজ দুখনো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । কামৰ গতি দ্ৰুততৰ কৰাৰ লগতে নিৰ্ধাৰিত সময়ত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক ৷

মহানগৰীৰ ফুটপাথত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

লগতে চানমাৰিৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপলৈ প্ৰস্তাৱিত পদপথ সৌন্দৰ্যবৰ্দ্ধনৰ কামৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে ।‌ উল্লেখ্য যে কেইদিনমান পূৰ্বে আধাৰশিলা স্থাপন কৰা গণেশগুৰিৰ উৰণীয়া সেঁতুৰ চানমাৰিৰ দিশৰ অতিৰিক্ত বাহুৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যান-বাহনৰ পথৰ সাল-সলনিৰ বিষয়েও আলোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই ।

লগতে পঢ়কঃ মিলনভূমিত পৰিণত তীৰ্থনগৰী হাজো

সোমবাৰে ভৰলুমুখৰ পৰা জালুকবাৰীলৈ প্ৰস্তাৱিত পদপথ সৌন্দৰ্যবৰ্দ্ধনৰ কামৰ লগতে কামাখ্যা গেট আৰু মালিগাঁও চাৰিআলিত এক্সেলেটৰৰ সুবিধাযুক্ত 'ফুট ওভাৰব্ৰীজ' দুখন আজি পৰিদৰ্শন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কামৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ পুৱাই উপস্থিত হয় মন্ত্ৰীগৰাকী। কামৰ গতি দ্ৰুততৰ কৰাৰ লগতে নিৰ্দ্ধাৰিত সময়ত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক। ইফালে চানমাৰিৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপলৈ প্ৰস্তাৱিত পদপথ সৌন্দৰ্যবৰ্দ্ধনৰ কামৰো বুজ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.