গুৱাহাটী, 23 জুনঃ ইতিমধ্যে অন্ত পৰিল টিউনিছিত চলিত মাহৰ ১১জুনৰ পৰা ১৪ জুনলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত ইন্টাৰনেচনেল ফেডাৰেচন অৱ জাৰ্নেলিষ্ট(আই এফ জে)ৰ বৈঠকৰ । এই বৈঠকত বিশ্বজুৰি সাংবাদিকৰ একতা আৰু সংহতিৰ বাবে আহ্বান জনায় প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এই বৈঠকত 'দৈনিক অগ্ৰদূত'ৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদ আই এফ জেৰ জেণ্ডাৰ কাউন্সিলৰ কৰ্ণধাৰ সমিতিৰ সদস্যৰূপে নিৰ্বাচিত হয়।
বিশ্ব স্তৰত অসমৰ মহিলা সাংবাদিক চেমিম চুলতানা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সদস্যৰূপে নিৰ্বাচিত হোৱাৰ পিচত অসমৰ সাংবাদিকসকল কৰ্মক্ষেত্রতেই হওঁক বা অন্য ক্ষেত্ৰতেই হওঁক কিদৰে এচাম দুষ্টলোকৰ নিৰ্যাতনৰ বলি হৈ আহিছে সেই সম্পৰ্কে এক আলোচনা চক্ৰত মিলিত হৈ এই সন্দৰ্ভত চৰ্চা চলাব বুলি জানিবলৈ দিয়ে চেমিম চুলতানা আহমেদে। লগতে তেখেতে মহিলা সাংবাদিক সকলে কিদৰে কৰ্ম ক্ষেত্ৰত প্ৰত্যাহ্বান জনাই আহিছে সেই সম্পৰ্কেও আলোচনা কৰিব । বিগত ২০০০ চনৰ পৰা তেখেতে আগশাৰীৰ বাতৰি কাকত 'দৈনিক অগ্ৰদূত'ৰ বাৰ্তা সম্পাদক হিচাপে কর্মৰত । দেশৰ ভিতৰতে প্ৰথম গৰাকী মহিলা সাংবাদিক হিচাপে তেখেতে এই সন্মান লাভ কৰাত প্ৰতিজন লোক গৌৰাম্বিত ।
আৰু পঢ়কঃ ৰাজ্যত বৃদ্ধি পাব চিকিৎসা বিজ্ঞানৰ আসন