যোৰহাট, ২০ ফেব্ৰুৱাৰীঃ টীয়কৰ সোণাৰী মিচিং গাৱঁত উদযাপন মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাং। পৰম্পৰাগতভাৱে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কৃষিজীৱি মিচিং সকলে পালন কৰে এই আলি আয়ে লৃগাং। বুধবাৰৰ দিনটো পৱিত্ৰ বাৰ হিচাপে বিশ্বাস কৰে মিচিংসকলে ৷ সেয়েহে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য শস্য উৎপাদন কৰা মিচিং সকলে বসন্তৰ আৰম্ভণিতে ফাগুনৰ প্ৰথমটো পৱিত্ৰ দিন বুধবাৰে পালন কৰে আলি আয়ে লৃগাং ৷ মিচিং ভাষাত আলি মানে মূল বা কাণ্ড, আ:য়ে মানে গুটি বা কঠিয়া আৰু লৃগাং মানে ৰোপন বা সিঁচা আৰম্ভ কৰা দিন ৷
টীয়কত উদযাপন আলি আয়ে লৃগাং - টীয়ক
ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কৃষিজীৱি মিচিং সকলে পালন কৰে আলি আয়ে লৃগাং
যোৰহাট, ২০ ফেব্ৰুৱাৰীঃ টীয়কৰ সোণাৰী মিচিং গাৱঁত উদযাপন মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাং। পৰম্পৰাগতভাৱে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কৃষিজীৱি মিচিং সকলে পালন কৰে এই আলি আয়ে লৃগাং। বুধবাৰৰ দিনটো পৱিত্ৰ বাৰ হিচাপে বিশ্বাস কৰে মিচিংসকলে ৷ সেয়েহে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য শস্য উৎপাদন কৰা মিচিং সকলে বসন্তৰ আৰম্ভণিতে ফাগুনৰ প্ৰথমটো পৱিত্ৰ দিন বুধবাৰে পালন কৰে আলি আয়ে লৃগাং ৷ মিচিং ভাষাত আলি মানে মূল বা কাণ্ড, আ:য়ে মানে গুটি বা কঠিয়া আৰু লৃগাং মানে ৰোপন বা সিঁচা আৰম্ভ কৰা দিন ৷
টীয়কৰ সোনাৰী মিচিং গাৱঁত আলি আয় লিগাং
আজি মিচিং জনগোষ্ঠিৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাং ৷ পৰম্পৰাগত ভাৱে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কৃষিজীৱি মিচিং সকলে পালন কৰে এই আলি আয়ে লৃগাং ৷ ফাগুনেই হ'ল বসন্তৰ আৰম্ভণি ৷ আনহাতে বুধবাৰৰ দিনটো পৱিত্ৰ বাৰ হিচাপে বিশ্বাস কৰে মিচিংসকলে ৷ সেয়েহে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য শস্য উৎপাদন কৰা মিচিং সকলে বসন্তৰ আৰম্ভণিতে ফাগুনৰ প্ৰথমটো পৱিত্ৰ দিন বুধবাৰে পালন কৰে আলি আয়ে লৃগাং ৷ মিচিং ভাষাত আলি মানে মূল বা কাণ্ড, আ:য়ে মানে গুটি বা কঠিয়া আৰু লৃগাং মানে ৰোপন বা সিঁচা আৰম্ভ কৰা দিন ৷ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো ৰাজ্যৰ অন্যান্য প্ৰান্তৰ টীয়কৰ সোনাৰী মিচিং গাৱঁত মিচিং জনগোষ্ঠিৰ ৰাইজে ব্যাপক উলহ মালহেৰে উদযাপন কৰিছে আলি আয়ে লৃগাঙৰ ৷ এতিয়া ঢোলৰ চেৱে চেৱে গুমৰাগ নৃত্য ঐনিতমৰ মধুৰ সুৰত মুখৰিত হৈছে আকাশ বতাহ ৷ প্ৰস্তুতি চলিছে গাহৰি মাংসৰ সৈতে বৰা চাউলৰ তৰাপাতেৰে তোপোলা বন্ধা ভাত পুৰাং আপিন আদি পৰম্পৰাগত খাদ্যৰ।লগতে নীতি নিয়মেৰে শস্যৰ বীজ সিচি আগন্তুক কৃষিকৰ্মত সকলোৰে সফলতা কমনা কৰিছে।