ETV Bharat / state

স্থান দখলেৰে শিলচৰলৈ গৌৰৱ কঢ়িয়ালে দুগৰাকী ছাত্ৰীয়ে

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম আৰু দশম স্থান দখলেৰে শিলচৰলৈ গৌৰৱ কঢ়িযাই আনিছে অনিশা ৰয় আৰু পাৰসা তাচমিন বৰভূঞা নামৰ দুগৰাকী ছাত্ৰীয়ে ৷

two students from silchar secured 8th and 10th position in hslc exam

author img

By

Published : Jun 6, 2020, 1:49 PM IST

শিলচৰ, 6 জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখলেৰে শিলচৰলৈ গৌৰৱ কঢ়িয়াই আনিছে দুগৰাকী ছাত্ৰীয়ে ৷ অনিশা ৰয় নামৰ এগৰাকী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দখল কৰিছে অষ্টম স্থান ৷ মুঠ ৫৮৬ নম্বৰ লাভ কৰা অনিশা ৰয় হলিক্ৰছ বিদ্যালয়ৰ ছাত্ৰী ৷ ছাত্ৰী গৰাকী শিলচৰৰ পাব্লিক স্কুল ৰোডৰ নিবাসী শিক্ষক দম্পতী ৰাজেশ ৰয় আৰু মণিকা ৰয়ৰ জীয়ৰী ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখলেৰে শিলচৰলৈ গৌৰৱ কঢ়িয়ালে দুগৰাকী ছাত্ৰীয়ে

আনহাতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান দখল কৰিছে শিলচৰৰ পাৰসা তাচমিন বৰভূঞা নামৰ আন এগৰাকী ছাত্ৰীয়ে ৷ মুঠ ৫৮৪ নম্বৰ লাভ কৰা পাৰসা তাচমিন বৰভূঞা শিলচৰ কলেজিয়েট বিদ্যালয়ৰ ছাত্ৰী ৷ ছাত্ৰী গৰাকী শিলচৰ নিবাসী আফতাউৰ ৰহমান আৰু আনোৱাৰা বেগমৰ জীয়ৰী ৷

পাৰসা তাচমিন বৰভূঞা

লগতে পঢ়কঃ শীৰ্ষ ৪২ গৰাকীৰ ১৮ গৰাকীয়েই অসমীয়া মাধ্যমৰ, চৰকাৰী বিদ্যালয়ৰো সফলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.