কাছাৰ, 17 অক্টোবৰ : অসম-মিজোৰাম সীমান্তবৰ্তী লায়লাপুৰত তীব্ৰ উত্তেজনা ৷ মিজো দুষ্কৃতিকাৰীয়ে অসম ভূমিৰ তিনিখন দোকান জ্বলাই দিয়াৰ লগতে বোমা বিস্ফোৰণ কৰাৰ ফলত গুৰুতৰভাবে আহত এজন যুবক ।
ঘটনাস্থলীত আৰক্ষী আৰু CRPF ৰ বিষয়া উপস্থিত হৈ পৰিস্থিত শান্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে, এই ঘটনাৰ পিচতে লায়লাপুৰ অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজ ঘৰ পৰা ওলাই আহিছে মিজো দুষ্কৃতিকাৰীৰ লগত মোকাবিলা কৰিবৰ বাবে ৷
উল্লেখ্য যে, শনিবাৰে ৰাতিপুৱা ধলাই খুলিচৰাত মিজোৰামৰ IR বেটেলিয়ানৰ এটা অবৈধ কেম্প ৰাইজে ভাঙি চুৰমাৰ কৰিছিল ৷ লগতে, অসমৰ ভূমি দখল কৰা মিজোসকলক অসমৰ ভূমিৰ পৰা খেদি পঠাবলৈ সক্ষম হৈছিল ৰাইজে ৷ যাৰবাবে মিজো সকলে অসমৰ ভূমিত প্ৰতি আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে ৷
লগতে পঢ়ক : সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হোৱা নন্দিনী বৰকাকতিৰ গোচৰ