ETV Bharat / state

শিক্ষকে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগত প্ৰতিবাদত বহিল শিক্ষাৰ্থী

কাছাৰত শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগ ৷ শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি বিদ্যালয় প্ৰাংগনতে প্ৰধান শিক্ষকৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদত বহিল শিক্ষাৰ্থী ৷

cachar mid day meal embezzlement
শিক্ষকে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগত প্ৰতিবাদত বহিল শিক্ষাৰ্থী
author img

By

Published : Dec 14, 2020, 2:34 PM IST

কাছাৰ, 14 ডিচেম্বৰ: প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি কাছাৰত বিদ্যালয় প্ৰাংগনতে অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘটনা সংঘটিত হৈছে ৷ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি কাছাৰ জিলাৰ ধলাই খুলিচাৰ এম.ই মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

কাছাৰ জিলাৰ ধলাই খুলিচাৰ এম.ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক নুৰ উদ্দিন লস্কৰৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগ

অভিযোগ অনুসৰি, কাছাৰ জিলাৰ ধলাই খুলিচাৰ এম.ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক নুৰ উদ্দিন লস্কৰে লকডাউনৰ সময়ৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ যোগান ধৰা নাই ৷ প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰি কয় যে, চৰকাৰী নিৰ্দেশ অনুযায়ী লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ চাউল দিয়াৰ লগতে টকা দিয়াৰ কথা আছিল ৷ কিন্তু বিদ্যালয়খনৰ প্ৰধান শিক্ষক নুৰ উদ্দিনে বিগত 5 মাহত মাত্ৰ 2 বাৰ চাউল দিছে যদিও ছাত্ৰ-ছাত্ৰীসকলক এটকাও দিয়া নাই ৷

প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ হৈ পৰা অভিভাৱকসকলে বিদ্যালয় প্ৰাংগনত উপস্থিত হৈ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰে ৷ প্ৰতিবাদকাৰীসকলে উত্থাপন কৰা অভিযোগ অনুসৰি, প্ৰধান শিক্ষকৰ এই দুৰ্নীতি সন্দৰ্ভত কাছাৰৰ জিলা উপায়ুক্তক তেওঁলোকে এখন লিখিত অভিযোগ দাখিল কৰিছে যদিও আজিলৈকে শিক্ষকজনৰ বিৰুদ্ধে শিক্ষা বিভাগ তথা জিলা প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই ৷

লগতে পঢ়ক:কাছাৰত ভিআইপি পথৰ দুৰৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.