শিলচৰ, 10 জুনঃ 13 জুনৰ পৰা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত পুনৰ আৰম্ভ হ'ব ইণ্ডিগ'ৰ বিমান পৰিসেৱা । জানিব পৰা মতে ইণ্ডিগ'ৰ 6E472/6E932 কলকতা-শিলচৰ-কলকাতা বিমানখনে সপ্তাহত তিনিদিন অৱতৰণ কৰিব কুম্ভীৰগ্ৰাম বিমান বন্দৰত । এই কথা সদৰি কৰিছে শিলচৰ বিমান বন্দৰৰ বিষয়া অর্ণব কুমাৰ দাসে ।

উল্লেখ্য যে, কালি বাতিল কৰা হৈছিল দিল্লী-গুৱাহাটী- শিলচৰ SG 8152 স্পাইছজেট বিমানখনৰ যাত্ৰা ।