ETV Bharat / state

কাছাৰ জিলাৰ উধাৰবন্ধ পানগ্ৰামত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

কাছাৰ জিলাৰ উধাৰবন্ধ পানগ্ৰামত নিশা বন্দুকধাৰী এটা ডকাইতৰ দলে লুটি নিলে নগদ ১৫ লাখ টকা সহ সোণৰ আ-অলংকাৰ ৷

কাছাৰ জিলাৰ উধাৰবন্ধ পানগ্ৰামত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড
কাছাৰ জিলাৰ উধাৰবন্ধ পানগ্ৰামত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড
author img

By

Published : Jan 15, 2021, 10:56 AM IST

কাছাৰ,15 জানুৱাৰীঃ কাছাৰ জিলাৰ উধাৰবন্ধ পানগ্ৰামত নিশা চাঞ্চল্যকৰ এক ডকাইতি কাণ্ড সংঘটিত ৷ বন্দুকধাৰী ডকাইতৰ দলে লুটি নিলে নগদ ১৫ লাখ টকাসহ সোণৰ আ-অলংকাৰ ৷

জানিব পৰা মতে, পঞ্চায়তৰ প্ৰতিনিধি তথা গড়কাপ্তানি বিভাগৰ ঠিকাদাৰ এনাম লস্কৰ ঘৰত ২৫ জনীয়া বন্দুকধাৰী এটা ডকাইতৰ দলে বৃহস্পতিবাৰে নিশা বন্দুক দেখুৱাই লুটি নিলে নগদ ১৫ লাখ টকা সহ কেইবালাখ টকাৰ সোণৰ আ-অলংকাৰ ৷ ইপিনে ডকাইতৰ দলটোৱে ঘৰৰ লোক সকলৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে ঘৰৰ ভিতৰতে শূন্যলৈ গুলি চালনাও কৰে ৷ সম্প্ৰতি এই ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ লগতে আতংকৰ সৃষ্টি কৰিছে ৷

কাছাৰ জিলাৰ উধাৰবন্ধ পানগ্ৰামত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড
ইপিনে ঘটনাৰ খবৰ পাই নিশাই ঘটনাস্থলীত উপস্থিত হয় কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষ জগদীশ দাস ৷ পৰিস্থিতিৰ বুজ লৈ তেওঁ কয় যে, এই ডকাইতিৰ ঘটনাৰ তদন্তৰ লগতে দলটোৰ বিৰুদ্ধে অভিযান ইতিমধ্যে আৰম্ভ হৈছে ৷

লগতে পঢ়কঃ 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণ : প্ৰসংগ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.