ETV Bharat / state

ৰংগোলী আঁকি বিশ্ব ৰেকৰ্ড গঢ়াৰ দিশে কাছাৰ জিলা প্ৰশাসন - কাছাৰ

কাছাৰ জিলাত 8 কিল’মিটাৰ দৈৰ্ঘৰ ৰংগোলী অংকন জিলা প্ৰশাসনৰ ৷ হাতিচড়াৰ পৰা ডলুৰ পথত সাজি উলিওৱা হৈছে এই ৰংগোলী ৷ পূৰ্বৰ 4.5 কিল’মিটাৰ দৈৰ্ঘৰ ৰংগোলী অংকনৰ ৰেকৰ্ড ভাঙি নতুনকৈ অংকন কৰা ৰংগোলীৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে জিলা প্ৰশাসন ৷

rangoli
ৰংগোলী
author img

By

Published : Mar 14, 2021, 5:45 PM IST

শিলচৰ,14 মাৰ্চ: কাছাৰ জিলাৰ হাতিচড়াৰ পৰা ডলুৰ পথত অংকন কৰা হৈছে প্ৰায় 8 কিল’মিটাৰ দৈৰ্ঘৰ ৰংগোলী ৷ এই ৰংগোলী বিশ্বৰ দৈৰ্ঘতম ৰংগোলী হ’ব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, 24 ঘণ্টাৰ ভিতৰত এই ৰংগোলী প্ৰস্তুত কৰি বিশ্ব অভিলেখ গঢ়ি তুলিছে কাছাৰ জিলা প্ৰশাসনে ৷ মূলতঃ ভোটাৰক সচেতন কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে কাছাৰ জিলাৰ উপায়ুক্ত কৃতী জল্লিয়ে ৷

ৰংগোলী

এই ৰংগোলী অংকন কৰাৰ সময়ত সহযোগিতা আগবঢ়াইছে কাছাৰ জিলাৰ বিভিন্ন দল-সংগঠনৰ লগতে চিআৰপিএফ, আছাম ৰাইফলছ, বিএছএফ জোৱানসহ ছাত্ৰ-ছাত্ৰী আৰু আৰু মহিলাসকলে ৷ পূৰ্বৰ 4.5 কিল’মিটাৰ দৈৰ্ঘৰ ৰংগোলী অংকনৰ ৰেকৰ্ড ভাঙি এইবাৰ 8 কিল’মিটাৰ দীঘলীয়া ৰংগোলী অংকন কৰা বুলি মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক : অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.