ETV Bharat / state

মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে সৰৱ বাগবাহাৰ গাঁও পঞ্চায়তৰ ৰাইজ - Public Protest Against no development in Bagbahar

নাই বাট-পথ,নাই খোৱা পানীৰ উপযুক্ত ব্যৱস্থা ৷ দীৰ্ঘ দিন ধৰি স্থানীয় ৰাইজে দুৰ্বিহ জীৱন অতিবাহিত কৰিব লগীয়া হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনালে ৰাইজে ৷

Public Protest Against No development  bagbahar gp
মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে সৰৱ বাগবাহাৰ গাঁও পঞ্চায়তৰ ৰাইজ
author img

By

Published : Sep 1, 2020, 1:11 PM IST

কাছাৰ, 1 ছেপ্তেম্বৰঃ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ বড়জালেংগা ব্লকৰ অন্তৰ্গত বাগবাহাৰ গাঁও পঞ্চায়তৰ তিনি শতাধিক ৰাইজে এতিয়া যমৰ-যাতনা ভোগ কৰি জীয়াই থাকিবলগীয়া হৈছে ৷ বছৰ বছৰ ধৰি কোনো এখন চৰকাৰী উন্নয়নৰ আঁচনি ৰূপায়ণ হোৱা নাই উক্ত অঞ্চলটোত ।

মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে সৰৱ বাগবাহাৰ গাঁও পঞ্চায়তৰ ৰাইজ

ইফালে বাগবাহাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কোনো এখন গাঁৱতে নাই বাট-পথ, খোৱা পানীৰ উপযুক্ত ব্যৱস্থা ৷ দীৰ্ঘদিন ধৰি তৰফৰ পৰা কোনো এটা সা-সুবিধা লাভ নকৰা বুলি গুৰুতৰ অভিযোগ কৰে স্থানীয় লোক সকলে । এনেদৰে দুৰ্বিহ জীৱন অতিবাহিত কৰিবলগীয়া হোৱাত ক্ষুব্ধ হৈ স্থানীয় বিধায়ক তথা বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰে যদি অঞ্চলটোত বাট পথকে আদি কৰি সকলো সা-সুবিধা কৰি নিদিয়ে তেনেহ'লে আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি সকিয়াই দিয়ে ৰাইজে ৷

লগতে পঢ়ক- বজালী পঞ্চায়তত এয়া কি হৈ গ'ল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.