ETV Bharat / state

কাছাৰত মৰেল পুলিচিং : নিৰ্মমভাৱে প্ৰহাৰ গাড়ী চালকক - Abul Matin hospitalised in Silchar Medical College

কাছাৰত সংঘটিত হ'ল মৰেল পুলিচিঙৰ ঘটনা ৷ মেকুৰী মৰাৰ অভিযোগত ৰড আৰু সুৰাৰ বটলেৰে নিৰ্মমভাৱে প্ৰহাৰ এজন গাড়ী চালকক ৷ বৰ্তমান মৃত্যুৰ সৈতে যুঁজিছে চালকজন ৷ স্বামীৰ ন্যায় বিচাৰি সহায় ভিক্ষা কৰিছে পত্নীয়ে ৷

নিৰ্মমভাৱে প্ৰহাৰ গাড়ী চালকক
কাছাৰত মৰেল পুলিচিং
author img

By

Published : Oct 9, 2020, 4:58 PM IST

শিলচৰ, 9 অক্টোবৰ : শিলচৰৰ মালুগ্ৰাম অঞ্চলত ২৮ ছেপ্টেম্বৰৰ নিশা সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা ৷ অভিযোগ অনুসৰি, উধাৰবন্ধ লাঠিগ্ৰামৰ আবুল মতিন মজুমদাৰ নামৰ এজন চালকে মেজিক গাড়ীখন লৈ গাড়ী মালিকৰ ঘৰৰ পৰা আহি আছিল ৷ এনে সময়তে হঠাৎ এটা মেকুৰী তেওঁৰ গাড়ীৰ চকাৰ তলত পৰি মৃত্যু হয় ৷ সেই স্থানত উপস্থিত থকা কিছু যুৱকে চালকজনক ধৰি মেকুৰী মৰাৰ অভিযোগত নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ ইয়াতে ক্ষান্ত নাথাকি সুৰাৰ বটল আৰু ৰডেৰে আবুল মতিনৰ মূৰত আঘাত যুৱককেইজনে ৷

কাছাৰত মৰেল পুলিচিং

এই আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় আবুল মতিন ৷ পাচত স্থানীয় ৰাইজে আবুলক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ নিয়ে ৷ আবুল মতিনৰ পত্নী জাছমিনা বেগমে মালুগ্ৰাম আৰক্ষী চকীত প্লাবন দাসগুপ্ত,বিশাল ভূমিজ আৰু স্বৰুপ ভূমিজৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷

ইপিনে ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১০ দিন অতিবাহিত হোৱাৰ পাচতো ৰহস্যজনক ভাৱে আৰক্ষীয়ে অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰা নাই ৷ পত্নী জাছমিনা বেগমে সংবাদ মাধ্যমৰ আগত জনায় যে,তেওঁৰ স্বামীৰ অৱস্থা বৰ্তমান সংকটজনক ৷ ইয়াৰোপৰি পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আবুল মতিন ৷ সেয়েহে ৬ টিকৈ সন্তানেৰে বহু কষ্টেৰে দিন অতিবাহিত কৰিছে পৰিয়ালটোৱে ৷ স্বামীৰ ন্যায়ৰ বাবে বিভিন্নজনৰ ওচৰত সহায় বিচাৰিছে যদিও এতিয়ালৈকে কোনো সহায় লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ সেয়েহে ন্যায় বিচাৰি অসহায় পত্নীগৰাকী সংবাদ মাধ্যমৰ দ্বাৰস্থ হ'বলগা হৈছে ৷

লগতে পঢ়ক : বিশ্ব খাদ্য প্ৰগ্ৰেমলৈ শান্তিৰ নোবেল বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.