ETV Bharat / state

নিৰ্বাচনৰ প্ৰস্তুতিক লৈ শিলচৰত জিলা উপায়ুক্তৰ সংবাদমেল

author img

By

Published : Feb 27, 2021, 11:03 PM IST

বৰাক উপত্যকাত ১৫ খন আসনৰ বাবে এক এপ্ৰিল অনুষ্ঠিত হ’ব নিৰ্বাচন । ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বৰাকৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ভোটাৰৰ সংখ্যা ৰখা হৈছে এক হাজাৰ ।

বাক্সা, ২৭ ফেব্ৰুৱাৰী : নিৰ্বাচনী আয়োগে অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই তৎপৰতা বৃদ্ধি পাইছে জিলা প্ৰশাসনৰ । বৰাক উপত্যকাত ১৫ খন আসনৰ বাবে এক এপ্ৰিল অনুষ্ঠিত হ’ব নিৰ্বাচন । ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বৰাকৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ভোটাৰৰ সংখ্যা ৰখা হৈছে এক হাজাৰ । যিকেইটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা এক হাজাৰতকৈ অধিক আছে, সেই কেইটা কেন্দ্ৰত ৫০০ মিটাৰৰ ভিতৰত অতিৰিক্ত কেন্দ্ৰ গঢ়ি তোলা হৈছে ৷ ফলত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা অতিৰিক্তভাবে ৩৭০টালৈ বৃদ্ধি পাইছে ৷ আনহাতে ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ১,৮৩৪ । শনিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক বৈঠক আয়োজন কৰি নিৰ্বাচনৰ বিধি সন্দৰ্ভত সকলো তথ্য প্ৰকাশ কৰে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি ৩ মাৰ্চত দিল্লীলৈ যাব অগপৰ নেতৃত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.