ETV Bharat / state

কাছাৰত গাঞ্জাসহ আটক দুজন

author img

By

Published : Jul 12, 2021, 3:28 PM IST

উধাৰবন্দ আৰক্ষীয়ে লক্ষ্মীপুৰ এছ ডি পি অ' (SDPO) সৈতে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে গাঞ্জা ৷ আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুটাক সম্প্ৰতি উধাৰবন্দ আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷

drug-seize-at-cachar
কাছাৰত গাঞ্জাসহ আটক দুজন

কাছাৰ, 12 জুলাই : কাছাৰ জিলাৰ উধাৰবন্দ আৰক্ষীয়ে (Udarband Police) দেওবাৰে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে ৷ উধাৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত টালিগ্ৰামৰ পৰা ৮০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ৷ আৰক্ষীৰ দলটোৱে গাঞ্জা সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত দুজন লোককো আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুটা টালিগ্ৰামৰ বাসিন্দা বিমল পাচীৰ পুত্ৰ প্ৰদীপ পাশী (৪৫) আৰু মৃত সতু নুনিয়াৰ পুত্ৰ সুবাস নুনিয়া (৬৫) বুলি জানিব পৰা হৈছে ।

কাছাৰত গাঞ্জাসহ আটক দুজন

উধাৰবন্দ আৰক্ষী থানাৰ (Udarband Police Station) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ হালৈয়ে জানিবলৈ দিয়া অনুসৰি, উধাৰবন্দ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত লক্ষ্মীপুৰ এছ ডি পি অ' (SDPO) সৈতে যুটীয়াভাৱে অভিযান চলাই গাঞ্জাখিনি জব্দ কৰে ৷ আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুটাক সম্প্ৰতি উধাৰবন্দ আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, কাছাৰ জিলাৰ শিলচৰ চহৰৰ ৰঙীৰখাৰী থানাৰ আৰক্ষীয়ে 7 জুলাইতো নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কুৰিয়াৰ সেৱা (Courier Service)ৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছৰ সৈতে গাঞ্জা । ৰঙীৰখাৰী আৰক্ষীয়ে এটা কুৰিয়াৰ কাউণ্টাৰত তালাচী চলাই কাৰ্টন ভৰ্তি গাঞ্জা-ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল ৷

Drug Seize at Cachar
কাছাৰত গাঞ্জাসহ আটক দুজন

কাউণ্টাৰ কৰ্তৃপক্ষই এজন যুৱকে কাৰ্টনটো মিজোৰামৰ চুঙতেলৈ কুৰিয়াৰ (Courier) কৰিবলৈ দিয়াৰ কথা উল্লেখ কৰে ৷ চুংতে অঞ্চলৰ ব্যৱসায়ী আলতাপ নামৰ লোকজনে ভিন্ন সামগ্ৰী প্ৰায়ে শিলচৰৰ এই কাউণ্টাৰটোৰ জৰিয়তে প্ৰেৰণ কৰা হয় । সেয়েহে যুৱকজনে কুৰিয়াৰটো আলতাপৰ বুলি কোৱাত কাউণ্টাৰ কৰ্তৃপক্ষই কোনো সন্দেহ নকৰাকৈ কাৰ্টনটো কুৰিয়াৰ কৰিছিল ।

লগতে পঢ়ক : আৰক্ষীৰ গুলীত জয়নালৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.