ETV Bharat / state

Ramon Magsaysay Award 2023: ডাঃ ৰবি কান্ননলৈ ৰমন মেগছেছে 'হিৰো ফৰ হোলিষ্টিক হেল্থকেয়াৰ' বঁটা 2023 - Hero For Holistic Healthcare

খ্যাতনামা কৰ্কট ৰোগ বিশেষজ্ঞ, শিলচৰস্থিত কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্নন আৰলৈ আগবঢ়োৱা হৈছে সন্মানজনক ৰামন মেগছেছে বঁটা ৷ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে জনদৰদী চিকিৎসকগৰাকীক এই মৰ্যাদাপূৰ্ণ সন্মানেৰে সন্মানিত কৰা হৈছে ৷

Ramon Magsaysay Award 2023
ডাঃ ৰবি কান্ননলৈ ৰমন মেগছেছে 'হিৰো ফৰ হোলিষ্টিক হেল্থকেয়াৰ' বঁটা 2023
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 5:31 PM IST

নিউজ ডেস্ক, 31 আগষ্ট : অসমবাসীৰ বাবে এক গৌৰৱৰ বাতৰি ৷ বিশিষ্ট চিকিৎসক ডাঃ ৰবি কান্ননলৈ আগবঢ়োৱা হৈছে সন্মানীয় ৰামন মেগছেছে বঁটা । ৰামন মেগছেছে এৱাৰ্ড ফাউণ্ডেশ্যনৰ 65 বছৰীয়া জয়ন্তীত ‘হিৰো ফৰ হোলিষ্টিক হেল্থকেয়াৰ’ বঁটাৰ বাবে ঘোষণা কৰা হৈছে বিশিষ্ট চিকিৎসকজনৰ নাম ৷ এই খবৰ প্ৰকাশৰ পিচতে বৰাক উপত্যকাত আনন্দৰ বন্যা বৈছে ৷ ৰামন মেগছেছে বঁটা ফাউণ্ডেচনৰ চলিত সংস্কৰণত এই সন্মান লাভ কৰা ডাঃ ৰবি কান্নন একমাত্ৰ ভাৰতীয় ৷ ফিলিপাইনচৰ ৰাষ্ট্ৰপতি ৰামন মেগছেছেৰ সোঁৱৰণত বাৰ্ষিকভাৱে প্ৰদান কৰা হয় 'ৰামন মেগছেছে বঁটা'৷ পোনপ্ৰথমে 1957 চনৰ এপ্ৰিল মাহত প্ৰদান কৰা হৈছিল এই বঁটা ৷ তেতিয়াৰ পৰা প্ৰত্যেক বছৰে এই বঁটা প্ৰদান কৰা হয় ৷

এছিয়াৰ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা ৰমন মেগছেছে বঁটা মানৱ প্ৰগতিত উন্নতি সাধন কৰা উল্লেখযোগ্য লোক আৰু সংগঠনসমূহক সন্মানিত কৰা হয় ৷ সামগ্ৰিক স্বাস্থ্যসেৱাৰ লগতে বিশেষকৈ কৰ্কট ৰোগৰ ক্ষেত্ৰত প্ৰতি ডাঃ ৰবি কান্ননৰ সততা, সমৰ্পণ, অধ্যাৱসায়ৰ বাবে তেওঁক এই বিশিষ্ট বঁটা প্ৰদান কৰা হৈছে ৷ ভাৰতৰ উত্তৰ-পূব অঞ্চলত কৰ্কট ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত নৱ বিপ্লৱ সূচনা কৰাৰ ক্ষেত্ৰত ডাঃ কান্ননৰ অগ্ৰণী অৱদান লেখত ল’বলগীয়া ৷ ডাঃ কান্ননে উত্তৰ-পূৱ অঞ্চলত কৰ্কট ৰোগৰ সৈতে যুঁজিবলৈ যথেষ্ট প্ৰত্যাহ্বান সন্মুখীন হ’বলগীয়া হৈছিল ৷ উল্লেখ্য যে উত্তৰ-পূব ভাৰতত কৰ্কট ৰোগত আক্ৰান্ত ৰোগী আৰু মৃত্যুৰ হাৰ সৰ্বাধিক ৷ ইয়াৰ লগতে ৰোগীৰ পৰিয়ালৰ আবেগ আৰু বিত্তীয় অৱস্থাৰ ওপৰত লক্ষ্য ৰাখি ডাঃ কাননে বহুতো কঠিনৰ পৰা কঠিন প্ৰত্যহবানৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷

কাছাৰ জিলাত প্ৰথম কৰ্কট চিকিৎসালয় 1981 চনত মুকলি কৰা হৈছিল যদিও 1996 চনতেই এটা বেচৰকাৰী সংস্থাই কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ (চিচিএইচআৰচি) প্ৰতিষ্ঠা কৰিছিল ৷ আনহাতে, ডাঃ ৰবি কান্ননৰ সুদক্ষ নেতৃত্বই চিচিএইচআৰচিক এক বিস্তৃত কৰ্কট ৰোগ কেয়াৰ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰিছিল ৷ 2007 চনত ডাঃ ৰবি কানন চিকিৎসালয়খনৰ সঞ্চালক হোৱাৰ পিচতে তেওঁৰ দূৰদৰ্শী আৰু সৃষ্টিশীল কৌশলেৰে চিকিৎসালয়খনৰ চিকিৎসা ব্যৱস্থা যথেষ্ট উন্নত কৰাত সহায় কৰিছিল ৷

এতিয়া কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰত ডাঃ কাননৰ নেতৃত্বত কৰ্কট ৰোগ, ৰোগ বিজ্ঞান, ৰেডিঅ'লজী, আৰু উপশমকাৰী যত্নৰ দৰে অত্যাৱশ্যকীয় ক্ষেত্ৰবোৰ সামৰি মুঠ 28 টা বিভাগ আছে ৷ চিকিৎসালয়খনৰ চিকিৎসকৰ পৰা কৰ্মচাৰীলৈ 23 গৰাকীৰ পৰা 451 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই সকলোবোৰ ডাঃ কান্ননৰ অনুপ্ৰাণিত আৰু সবল নেতৃত্বৰ এক নিদৰ্শন ৷

ডাঃ কান্ননৰ তীক্ষ্ণ অন্তৰ্দৃষ্টিৰ ফলত অত্যাধুনিক সুবিধাপ্ৰাপ্ত চিকিৎসালয়খনৰ প্ৰথম পদক্ষেপ সম্ভৱপৰ হৈ উঠিছিল ৷ ডাঃ কান্ননৰ তত্বৱধানতে চিকিৎসালয়খনত দৰিদ্ৰ কৰ্কট ৰোগী ৰোগীসকলৰ অৰ্থে বিনামূলীয়া চিকিৎসা, বাসস্থান, আৰু গৃহযত্ন কাৰ্যসূচীৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ এই কাৰ্যসূচীসমূহে ৰোগীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত 28% ৰ পৰা 70% লৈ বৃদ্ধি হৈছে ৷ চিকিৎসালয়খনে প্ৰতি বছৰে শ শ নতুন ৰোগীক বিনামূলীয়া অথবা ৰাজসাহায্যযুক্ত কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰে ৷

লগতে পঢ়ক: G20 Summit in Delhi : দিল্লীত জি২০ সন্মিলনত উপস্থিত নাথাকিব পাৰে চীনৰ ৰাষ্ট্ৰপতি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.