শিলচৰ, 15 জুলাই : এগৰাকী নাবালিকাৰ মৃত্যুক লৈ শিলচৰত এক চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰে ৷ জানিব পৰা মতে বিদ্যালয়ত পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰি নিজ ঘৰলৈ লৈ যোৱা এগৰাকী নাবালিকাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ বিৰুদ্ধে ৷ ইফালে অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ লৈকে নাবালিকা গৰাকীৰ মৃতদেহ গ্ৰহণ কৰে বুলি স্পষ্ট কৰি দিছে পৰিয়ালৰ লোকে ৷
মৃত নাবালিকা গৰাকীৰ নাম পূৰ্বা দেৱ ৷ পৰিয়ালৰ লোকে সদৰি কৰা মতে দীপেন পাল নামৰ এজন লোকে পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰি নাবালিকা পূৰ্বা দেৱক নিজ ঘৰলৈ লৈ গৈছিল ৷ নাবালিকা গৰাকী ঘৰ আছিল কৰিমগঞ্জৰ পাথাৰকান্দি বিজয় নগৰত ৷
মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে নাবালিকা গৰাকীয়ে আত্মহত্যা কৰা বুলি সদৰি কৰে দীপেন পালে ৷ কিন্তু দীপেন পালৰ এই কথা সহজে মানি ল'ব খোজা নাই নাবালিকাৰ পৰিয়ালৰ লোকে ৷ 6 মাহৰ পূৰ্বে দীপন পাল আৰু তেওঁ পত্নী পিংকী পালে নাবালিকা গৰাকীক লৈ গৈছিল নিজ ঘৰলৈ ৷
নাবালিকা গৰাকীৰ পিতৃ-মাতৃয়ে সদৰি কৰা মতে তেওঁক হত্যা কৰিছে দীপেন পালে ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নাবালিকাৰ পিতৃয়ে শিলচৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, ঘৰৰ বাৰাণ্ডাত চিপ লৈ থকাৰ অৱস্থাত নাবালিকাগৰাকীৰ মৃত উদ্ধাৰ হৈছিল ৷ নাবালিকা গৰাকীৰ মৃতদেহ মৰণোত্ত পৰীক্ষা কৰা পাচতে নিজ ঘৰলে লৈ অহা হৈছিল যদিও পৰিয়ালৰ লোকে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷ পাচত শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ পুনৰ লৈ যোৱা হয় নাবালিকা গৰাকীৰ মৃতদেহ ৷ অভিযুক্তজনক গ্ৰেপ্তাৰ নোহোৱালৈকে মৃতদেহটো গ্ৰহণ নকৰে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক: দেশত চেঞ্চুৰী কোবালে পেট্ৰ'ল-ডিজেলৰ মূল্যই