কাছাৰ,17 এপ্ৰিলঃ কাছাৰত খোৱা পানীৰ হাহাকাৰ ৰাইজৰ ৷ অতি শীঘ্ৰে চৰকাৰ,প্ৰশাসনক খোৱা পানী ব্যৱস্থা কৰি দিবলৈ আহ্বান ৰাইজৰ ৷
কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বতে এতিয়া হাহাকাৰ পৰিস্থিৰ সৃষ্টি হৈছে ৷ কাছাৰতো খোৱা পানীকে ধৰি খাদ্য সামগ্ৰীৰ নাটনি হৈছে ৷ এই সংকটপূৰ্ণ পৰিস্থিতিত জিলাৰ বিভিন্ন গাঁৱৰ ৰাইজে উপযুক্ত খোৱা পানী ব্যৱস্থা নথকাৰ বাবে হাজাৰ-হাজাৰ লোকে খাল-বিলৰ লেতেৰা ঘোলা পানী খাবলৈ বাধ্য হৈছে ৷ গতিকে অতি শীঘ্ৰে জিলাখনত ৰাইজৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ৷