ETV Bharat / state

শিলচৰত উপস্থিত চি পি আই নেতা কান্হায়া কুমাৰ

author img

By

Published : Mar 26, 2021, 7:46 PM IST

বৃহস্পতিবাৰে পুৱা শিলচৰত উপস্থিত হ'ল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা তথা চি পি আইৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী পৰিষদৰ সদস্য কান্হায়া কুমাৰ । মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফৰ সোণাই সমষ্টিৰ প্ৰাৰ্থী কৰিম উদ্দিন বাৰভূঞাৰ হৈ প্ৰচাৰ চলাব চি পি আই নেতাগৰাকীয়ে ।

শিলচৰত উপস্থিত চি পি আই নেতা কান্হায়া কুমাৰ
শিলচৰত উপস্থিত চি পি আই নেতা কান্হায়া কুমাৰ

শিলচৰ, ২৬ মাৰ্চ: মহাজোঁটৰ প্ৰাৰ্থী কৰিম উদ্দিন বাৰভূঞাৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ বাবে বৃহস্পতিবাৰে পুৱা শিলচৰত উপস্থিত হয় চি পি আইৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী পৰিষদৰ সদস্য কান্হায়া কুমাৰ । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে প্ৰথমে শিলচৰস্থিত চি পি আইৰ মুখ্য কাৰ্যালয়লৈ যায় ।

ৰাষ্ট্ৰীয় কাৰ্যবাহী পৰিষদৰ সদস্যগৰাকীক উষ্ম আদৰণি জনায় দলৰ কৰ্মকৰ্তাসকলে । তেওঁ মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফ দলৰ সোণাই সমষ্টিৰ প্ৰাৰ্থী কৰিম উদ্দিন বাৰভূঞাৰ হৈ প্ৰচাৰ চলাব ।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, জনসাধাৰণৰ মাজত ভয় আৰু ঘৃণা বিয়পোৱা শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁ কৰা সংগ্ৰামৰ বিষয়ে জনাবলৈ তেওঁ শিলচৰত উপস্থিত হৈছে । লগতে বিজেপিয়ে বহুত কথা কয় বুলিও তেওঁ কটাক্ষ কৰে ।

লগতে পঢ়ক:টকাৰে মিত্ৰজোঁটৰ একতা ভংগ কৰিব নোৱাৰেঃ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.