ETV Bharat / state

কাছাৰত মহিলাক গণধৰ্ষণৰ অভিযোগত আটক দুজন

ধলাইৰ কালাখালত ৰিয়াং সম্প্ৰদায়ৰ দুগৰাকী মহিলাৰ গণ ধৰ্ষণৰ অভিযোগত আটক কৰা হয় দুজন লোকক ৷ লোক দুজন ৰবেন লস্কৰ, গিয়াছউদ্দিন বুলি জানিব পৰা গৈছে ৷

কাছাৰত ৰিয়াং সম্প্ৰদায়ৰ দুগৰাকী মহিলাক গণধৰ্ষণ কৰাৰ অভিযোগত আটক দুজন

author img

By

Published : May 4, 2021, 9:03 PM IST

কাছাৰ,4 মে': ৰাজ্যত এতিয়া সুৰক্ষিত নহয় যুৱতী-মহিলা ৷ প্ৰায় ধাৰাবাহিকভাৱে গণ ধৰ্ষণৰ বলি হৈ আহিছে ভিন্ন প্ৰান্তৰ মহিলা-যুৱতীসকলৰ লগতে নাবালিকাসকল ৷ মঙলবাৰে তেনেই এক জঘন্য ঘটনা সংঘটিত হয় ধলাইৰ কালাখালত ৷ অঞ্চলটোৰ ৰিয়াং সম্প্ৰদায়ৰ দুগৰাকী মহিলা গণ ধৰ্ষণৰ বলি হোৱা বুলি উত্থাপিত হৈছে এক অভিযোগ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ ৷ এই অভিযোগৰ ওপৰত ভিত্তি কৰি আটক কৰা হৈছে দুজন যুৱকক ৷

উল্লেখ্য যে, যোৱা সোমবাৰে দুপৰীয়া 1 বজাত কালাখাল ৰিয়াং পুঞ্জিৰ লুকাইখালত জুম খেতিত পাচলি আনিবলৈ গৈছিল দুগৰাকী ৰিয়াং সম্প্ৰদায়ৰ মহিলা । সেই সময়তে একেটা এলেকাৰে ৰবেন লস্কৰ আৰু গিয়াছউদ্দিন, সিৰু লস্কৰ আৰু ৰেকবুল হোসেন আচমকাই নামৰ লোককেইজনে এই ৰিয়াং মহিলা দুগৰাকীক ধৰ্ষণ কৰা বুলি উত্থাপিত হৈছে এক অভিযোগ ৷ মহিলা দুগৰাকীয়ে ইয়াৰ পিছতে চিঞৰ-বাখৰ কৰে ৷

কাছাৰত ৰিয়াং সম্প্ৰদায়ৰ দুগৰাকী মহিলাক গণধৰ্ষণ কৰাৰ অভিযোগত আটক দুজন
কাছাৰত ৰিয়াং সম্প্ৰদায়ৰ দুগৰাকী মহিলাক গণধৰ্ষণ কৰাৰ অভিযোগত আটক দুজন

স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে দুজন যুৱকক ৷ আটকাধীন যুৱক দুজন ৰবেন লস্কৰ, গিয়াছউদ্দিন বুলি জানিব পৰা গৈছে ৷ বাকী দুগৰাকী পলাতক অৱস্থাত থকা লোকৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

অন্য এক খবৰৰ বাবে: কোন মুখ্যমন্ত্ৰী হোৱাতো বিচাৰে ৰণজিৎ দাসে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.